‘শংকৰদেৱ চাহাবঃ আজমলে কৰা মন্তব্য ৰীতিমতে নহ’লেও, অপমানসূচক নহয়

‘শংকৰদেৱ চাহাবঃ আজমলে কৰা মন্তব্য ৰীতিমতে নহ’লেও, অপমানসূচক নহয়

‘সম্প্রতি উগ্র হিন্দুত্ববাদীসকলে মুছলমানৰ কিবা উক্তিত হিন্দুবিদ্বেষী কথা আছে নেকি, তাকেই খুঁচৰি ফুৰে৷ কিবা অলপ পালেই হুলস্থূল আৰম্ভ কৰে৷ অলপতে বদৰুদ্দিন আজমলৰ এটা উক্তিক লৈ তুমুল হৈ–চৈ লগোৱা হৈছিল৷ তেওঁ ‘শংকৰদেৱ চাহাব’ বুলি সম্বোধন কৰিছিল৷ ভাগ্য ভাল যে আজমলে তৎক্ষণাৎ ক্ষমা খুজি ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ পৰা ৰক্ষা কৰিলে৷ কিন্তু শীতল মস্তিষ্কৰে কথাবোৰ বিচাৰ কৰি চোৱা উচিত৷ মহাপুৰুষজনাক অপমান কৰাটো আজমলৰ উদ্দেশ্য নাছিল৷ হিন্দু–মুছলমান বহুতেই আজানপীৰক চাহাব বুলি কয়৷ চাহাব শব্দটো অপমান কৰিবলৈ নহয়, সন্মান আৰু সম্ভ্রম বুজাবলৈহে ব্যৱহাৰ কৰা হয়৷ আজমলৰ ‘চাহাব’ শব্দৰ ব্যৱহাৰ অসমীয়া ৰীতি মতে নহ’লেও অপমানসূচক নাছিল৷ কিন্তু তাৰ পৰাই বিষম উত্তেজনাৰ সঞ্চাৰ কৰা হ’ল৷’ –এই মন্তব্য বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ৷

অসম চিভিল ছ’চাইটীৰ অভিৱর্তনত অংশগ্রহণ কৰি   ড০ গোহাঁয়ে এ আই ইউ ডি এফৰ সভাপতি আজমলৰ হৈ এইদৰে চাফাই গাই লগতে কয় যে স্বাধীন ভাৰত আজিৰ দৰে উদ্বেগজনক পৰিস্থিতিৰ মুখামুখি হোৱা নাছিল৷ জনসাধাৰণক দুর্দশাৰ পৰা মুক্ত নকৰি তাক অধিক মাৰাত্মক ৰূপ দিয়া হৈছে৷ ৰাজকোষ উদং কৰি জনসাধাৰণৰ জেপে জেপে ধন জাপি দিছে৷ কিন্তু এই ধনৰ বোজা যে ৰাইজৰ ওপৰতে জাপি দিয়া হ’ব, তাত কোনো সন্দেহ নাই৷ সৰু সৰু ভেদাভেদকে উগ্র ৰূপ দিয়া হৈছে৷ ৰাষ্ট্রচালনাৰ দায়িত্বত থকাসকলেই এই উত্তাপ বৃদ্ধি কৰিছে৷ তথ্যৰ অধিকাৰ, সংবাদ মাধ্যমৰ স্বাধীনতা বিলোপৰ চেষ্টা চলোৱা হৈছে৷ চৰকাৰৰ পদক্ষেপৰ ফলত সংখ্যালঘু লোকসকল নিষ্ঠুৰ নির্যাতনৰ সন্মুখীন হৈছে৷ স্বাধীনতাৰ সময়ৰ জৱাহৰলাল নেহৰু চৰকাৰৰ দিনৰ পৰা বিশ্বনাথ প্রতাপ সিঙৰ শাসনলৈ সকলোৱে ধর্মনিৰপেক্ষতাৰ আদর্শৰ প্রতি সন্মান প্রদর্শন কৰিছিল৷ কিন্তু সম্প্রতি মুছলমান নাগৰিকৰ অধিকাৰ আৰু মর্যাদা লোপ কৰাৰ চেষ্টা চলাই থকা হৈছে৷ আচলতে ভি পি সিঙৰ পাছত প্রতিখন চৰকাৰে নির্বাচনী সাফল্যৰ বাবে ধর্মনিৰপেক্ষতাৰ প্রতি শিথিল মনোভাব প্রদর্শন কৰিলে৷ যাৰ বাবে ধর্মীয় বিভেদকামী শক্তিসমূহ গঢ় লৈ উঠিল৷

কিছুমানে সুযোগ চাই, কিছুমানে গণতন্ত্রৰ পোছাকত বিয়পি পৰি ক্ষমতাশালী ৰাজনৈতিক শক্তিত পৰিণত হ’ল৷ এতিয়া তেওঁলোকে একাংশ ইছলামৰ উগ্র কাম–কাজক সমগ্র ইছলামৰ স্বৰূপ বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে৷ মহানগৰীৰ আই টি এ প্রাগজ্যোতিকা প্রকল্পত আয়োজিত ‘গণতন্ত্র, ধর্মনিৰপেক্ষতা, জাতীয় ঐক্য–সংহতি ৰক্ষা কৰাত নাগৰিক সমাজ বিশেষকৈ সংখ্যালঘু সমাজৰ দায়িত্ব আৰু কর্তব্য’ বিষয়ক অভিৱর্তনখনত ভাষণ প্রদান কৰি জ্যেষ্ঠ সাংবাদিক প্রশান্ত ৰাজগুৰুৱে কয় যে আজিৰ ভাৰতত কেৱল মুছলমানসকলেই নহয়, কৃষকসকলো বিপদত পৰিছে৷ কৃষক বিদ্রোহ তাৰেই এক প্রতিফলন৷ এনে আৰু বহু প্রত্যাহ্বানৰ স্বৰূপ দেখিবলৈ বাকী আছে৷ ন্যায়পালিকা আজি গভীৰ সংকটত৷ লাভ জিহাদক লৈ ন্যায়ালয়ে ৫টা ৰায়দান কৰিছে, য’ত এটাৰ লগত আনটো নিমিলে৷ তথ্যৰ দলিলৰ সলনি বুৰঞ্জী আৰু ঐতিহ্যৰ ভিত্তিত ন্যায়ালয়ে ৰায়দান কৰিবলৈ লৈছে৷ বুদ্ধিজীৱীসকলে নিজৰ চিন্তা–চর্চাৰে লিখা প্রবন্ধ বাতৰিকাকতত প্রকাশ কৰিব নোৱাৰা হৈছে৷ আন্দোলন কৰিলে আৰবান নক্সাল বুলি অভিহিত কৰা হয়৷

গতিকে কেৱল মুছলমানসকলেই নহয়, জনজীৱনৰ সকলো অংশ তীব্র সংকটৰ সন্মুখীন হৈছে৷ তাৰ মাজত মুছলমানসকলৰ সংকটৰ স্বৰূপ বেলেগ ধৰণৰ৷ তেওঁলোকক সকলো সমস্যাৰ মূল স্বৰূপ হিচাপে দেখুৱাব বিচৰা হৈছে৷ ৰাজগুৰুৱে নিজৰ ভাষণত মুছলমান সন্তানসকলক মূলসুঁতিৰ শিক্ষাৰ পৰা বঞ্চিত নকৰিবলৈ আৰু স্ত্রী শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ আজিৰ অভিৱর্তনত অসম চিভিল ছ’চাইটীৰ হৈ হাইদৰ হুছেইন, মাহতাবউদ্দিন আহমেদ, চাহজাহান তালুকদাৰ, হাফিজ ৰছিদ আহমদ চৌধুৰী, আফচাৰ হাজৰিকা, আফ্রিদা হুছেইন, আব্দুল মান্নান, আব্দুৰ ৰহিম শ্বেইখ আৰু আব্দুছ চুবুৰ তাপাদাৰে এক বিবৃতিত কয়– ‘মুছলমানসকলেও আত্মসমালোচনা কৰাৰ প্রয়োজন আছে৷ এখন বহুজাতি, বহুধর্মীয়, বহুভাষী, বহু সংস্কৃতিৰ সমাজত ধর্মীয় বিশ্বাস সম্পূর্ণৰূপে ব্যক্তিগত বিষয়৷ সকলো বিষয়ত বিশেষকৈ ৰাজনীতিত ধর্মক আগস্থান দিয়াৰ পৰা মুছলমানসকল বিৰত থাকিব লাগিব৷ আধুনিক শিক্ষাৰ ক্ষেত্রত ব্যাপক অংশৰ মুছলমান এতিয়াও পিছপৰা৷

নাৰী শিক্ষাৰ ক্ষেত্রত তাতোধিক পিছপৰা৷ অন্ধবিশ্বাস, কু–সংস্কাৰৰ বিপৰীতে বৈজ্ঞানিক মানসিকতাক পৃষ্ঠপোষকতা আগবঢ়াব লাগিব৷ মুছলমানৰ জন্ম বিস্ফোৰণৰ বিষয়টোক সাম্প্রদায়িক ৰহণ সনা হৈছে৷ জন্ম নিয়ন্ত্রণক সামাজিক–বৈজ্ঞানিক দৃষ্টিভংগীৰে চাব পাৰিব লাগিব৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হৈছে আধুনিক বিশ্বৰ লগত খাপ খোৱাকৈ জীৱনৰ মান উন্নয়নৰ স্বার্থতে মুছলমানে জন্ম নিয়ন্ত্রণক সফল কৰি তুলিব লাগিব৷ আধুনিক শিক্ষা, বিশেষকৈ নাৰী শিক্ষাক অগ্রাধিকাৰ দিব লাগিব৷ সমাজৰ আন অংশৰ মনত নিজৰ প্রতি যাতে এক সন্মানজনক দৃষ্টি গঢ়ি উঠে, তাৰ প্রতি সচেষ্ট থাকিব লাগিব৷’

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related