স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা: থেলাছেমিয়াত আক্রান্ত শিশুৰ বাবে নিশ্চিত কৰা হ’ব তেজৰ যোগান

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা: থেলাছেমিয়াত আক্রান্ত শিশুৰ বাবে নিশ্চিত কৰা হ’ব তেজৰ যোগান

ৰাজ্যৰ থেলাছেমিয়া ৰোগত আক্রান্ত শিশুৰ অভিভাৱকসকলৰ বাবে এক সকাহৰ খবৰ৷ ১৪ বছৰৰ তলৰ বয়সৰ যিসকল শিশু এই গুৰুতৰ ৰোগত আক্রান্ত হৈছে, তেওঁলোকৰ বাবে জিলাই জিলাই তেজৰ যোগান নিশ্চিত কৰা হ’ব৷  ‘নিউজ লাইভ’ৰ বিশেষ অনুষ্ঠান ‘আশা–নৱ জীৱনৰ প্রয়াস’ত অংশগ্রহণ কৰি এই ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এইক্ষেত্রত তেওঁ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলৰ লগত আলোচনা কৰি চাৰি দিনৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে বিভাগটোৰ প্রধান সচিবক নির্দেশ দিয়ে৷

মন্ত্রী ড০ শর্মাই কয় যে থেলাছেমিয়াত আক্রান্ত শিশুৰ বাবে অভিভাৱকসকলে মাহে মাহে তেজৰ যোগাৰ কৰি থাকিব লাগে৷ ইয়াৰ বাবে তেওঁলোকে পেছাদাৰী ৰক্তদাতাৰ পৰা তেজ ক্রয় কৰিবলগীয়া হয়৷ যিটো আইনবিৰুদ্ধ আৰু অস্বাস্থ্যসন্মত৷ সেয়ে প্রতিখন জিলাৰ থেলাছেমিয়া ৰোগত আক্রান্ত শিশুসকলৰ বাবে স্থানীয়ভাৱে তেজৰ যোগান নিশ্চিত কৰিব পৰা যায়৷ মাথোঁ স্বেচ্ছাই তেজ দিয়া ব্যক্তিগৰাকীয়ে ৰোগাক্রান্ত শিশুটিয়ে তেজ লাভ কৰাটো নিশ্চিত কৰিব লাগিব৷ উল্লেখ্য যে ‘নিউজ লাইভ’ৰ ‘আশা–নৱজীৱনৰ প্রয়াস’ অনুষ্ঠানটোত স্বাস্থ্যমন্ত্রী ড০ শর্মাই   ৫১টি বিভিন্ন ৰোগত আক্রান্ত শিশুৰ অভিভাৱকৰ লগত বার্তালাপ কৰি তেওঁলোকক সকাহ দিয়াৰ চেষ্টা কৰে৷ বিশেষকৈ থেলাছেমিয়াত আক্রান্ত শিশুৰ ব’নমেৰু ট্রেন্সপ্লাণ্টৰ বাবে বিশেষ পদক্ষেপ গ্রহণৰ কথা তেওঁ ঘোষণা কৰে৷

স্বাস্থ্যমন্ত্রীগৰাকীয়্ পোনপটীয়াকৈ বার্তালাপ কৰা শিশুসকল আছিল– গোলাঘাটৰ মিজুস্মিতা দাস, অনুষ্কা কুমাৰী, মনময়ূৰী বৰদলৈ, ৰেহান হুছেইন, অলিম্পিকা গগৈ, তাজমিন চুলতানা, প্রজ্ঞাশ্রী দাস, ধৃতিমান হালৈ, বৰষা দাস, নলবাৰীৰ নীহাৰিকা কাশ্যপ, নন্দিতা কলিতা, বিশ্বনাথৰ ৰিপুঞ্জয় কোচ, আমিয়া ৰহমান, দেৱানন্দ ওৰাং, জীৱন ছেত্রী, মহেশ চাহানী, প্রিয়ংকা শর্মা, প্রীতম বৰাইক, লখিমপুৰৰ বিতোপন ৰয়, মোজাহিদুল আলম ফকিৰ, চালেহা বেগম, মানসপ্রতিম শইকীয়া, অংশুমান বৰা, ডিম্পল বৰুৱা, জ্যোতির্ময় দত্ত, শিৱসাগৰৰ অংশুমান চেতিয়া, ছবি থাপা, ত্রিদিশা কোঁৱৰ, মীনাক্ষি ফুকন, যোৰহাটৰ মেহবুব ইছলাম, ৰাজশ্রী দত্ত, ভাস্কৰজ্যোতি দত্ত, খিলানজ্যোতি মৰাণ, তিনিচুকীয়াৰ এলিনা বড়ো, মুনীন্দ্র চেতিয়া, কাজিৰঙাৰ অংকুশ শইকীয়া, ঋষভ ৰিয়ান বৰা, নয়ন পাচী, তেজপুৰৰ তৃষ্ণামণি বৰা, জেছিম কলিতা, নয়নজ্যোতি বৰা, ৰাঘৱ দাধৰা, ধ্রুৱজ্যোতি গগৈ, গুৱাহাটীৰ আৰ কে অনছিট সিং দেউৰী, ছয়গাঁৱৰ ধনজিৎ ঠাকুৰীয়া, নয়নমণি দাস, ইস্মিতা দাস, ধুবুৰীৰ ৰণিক সাহা, চয়ন দত্ত, কুলদীপ দে’ আৰু গুৱাহাটীৰ অদিত্রী চন্দা৷

উল্লেখ্য যে ছয়গাঁৱৰ থেলাছেমিয়াত আক্রান্ত শিশু ইস্মিতা দাসক মাহে এবটলকৈ তেজ যোগান ধৰাৰ দায়িত্ব লৈ স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে প্রয়োজনত তেওঁ নিজে ৰক্তদান কৰিব বা আন সহযোগীসকলৰ পৰা সংগ্রহ কৰি হ’লেও মাহেকত এবটল তেজ প্রদান কৰিব৷
source- Niyomia barta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.