শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে..

শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে..

শনিদেৱৰ মন্দিৰলে গলে এই বিশেষ কথা মন কৰিব লাগে । ( Religious Studies )

১/কোৱা হয় যে-শনি মন্দিৰত শনিদেৱৰ প্ৰতিমাৰ চকুত চকু থৈ চাব নালাগে।দৰ্শন কৰিব লাগে,কিন্তু শনিদেৱৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ থাকিব লাগে।

২/শনিদেৱৰ ওপৰত তেল অৰ্পণ কৰিব লাগে,কিন্তু এই কথা মন কৰিব লাগে যে-সেই তেল যাতে যতে ততে পৰিব নালাগে আৰু বেয়া তেল হব নালাগে।ভাল তেলৰ ব্যৱহাৰ কৰিব লাগে।যদি ছায়াদান কৰিছে-তেন্তে কেৱল তেলকে অৰ্পণ নকৰিব।পাত্ৰৰ সৈতে শনিদেৱৰ চৰণত অৰ্পণ কৰিব লাগে।

৩/শনিদেৱৰ মূৰ্তিৰ একেবাৰে ওচৰত ৰৈ কেতিয়াও প্ৰাৰ্থনা বা পূজা কৰিব নালাগে।

৪/শনি মন্দিৰৰ বাহিৰত যদি কোনো দৰিদ্ৰ লোক থাকে-তেন্তুে নিশ্চয় সেইজনক দান কৰিব লাগে।দান কৰিব নোঁৱাৰিলেও তেওঁলোকৰ তিৰষ্কাৰ কৰিব নালাগে।তেওঁলোকৰ লগত সদায়ে ভাল ব্যৱহাৰ কৰিব লাগে। ( Religious Studies )

৫/শনি মন্দিৰত কোনো ধৰণৰ সাংসাৰিক বাৰ্তা কৰিব নালাগে।মনেমনে নিজৰ পূজা বা প্ৰাৰ্থনা কৰাৰ পাছত মন্দিৰৰ চিৰিত কিছু সময় বহি ঘৰলৈ আহিব লাগে।

৬/শনিদেৱৰ পূজাত দিশৰ বিশেষ মহত্ব আছে।শনিদেৱক পশ্চিম দিশৰ স্বামী মনা হয়।সেইবাবে শনিদেৱৰ পূজা কৰাৰ সময়ত-এই কথা মন কৰিব লাগে যে-আপোনাৰ মুখ পশ্চিম দিশৰ ফালে হব লাগে।সেইবাবে শীলাৰূপে শনিদেৱ সেইফালে যাব।

৭/শনিদেৱে ৰঙা ৰং পচন্দ নকৰে।সেইবাবে শনিদেৱৰ পূজাত ভুলটো ৰঙা ফুল বা ৰঙা বস্তু ব্যৱহাৰ কৰিব নালাগে।

GTM Desk

Related