সন্দেহৰ মৰ্মান্তিক পৰিণতি! পত্নীক সন্দেহ কৰা স্বামীয়ে কৰিলে এই ভয়ংকৰ কাম
সন্দেহ! স্বামীৰ সন্দেহৰ পৰিণতিত বোকাখাতৰ ৰজাবাৰী পল’ ক্লাবৰ সমিপত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ ভয়ংকৰ মৃত্যু। ঘৰৰ ভিতৰতে চটফটাই মৃত্যুক সাবটি ল’লে বিনীতা তাঁতী নামৰ মহিলাগৰাকীয়ে। পৰপুৰুষৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত আত্মবিশ্বাস নথকা বাবুল নাহকে ঘৰত নথকা সময়ত বিচনাৰ ওপৰতে বন্দী কৰি ৰাখিব খুজিছিল পত্নী বিনীতাক।
সেই উদ্দেশ্যৰে পত্নী শুই থকা বিচনাৰ কেওদিশে বাবুলে গোপনে মেৰিয়াই থৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ। সেই তাঁৰৰ সৈতে বিদ্যুৎ সংযোগ কৰি মনে মনে ঘৰৰ পৰা ওলাই গৈছিল পিশাচ স্বামী। তাৰ খন্তেক পাছত বিচনাৰ পৰা নামিবলৈ লওতেই বিদ্যুস্পৃষ্ট হৈ মৃত্যু হ’ল বিনীতাৰ।
৪ অক্টোবৰৰ সন্ধিয়াৰ এই ঘটনাৰ পাছতে হুৱাদুৱা লাগিল বাবুল নাহকৰ ঘৰত। চিঞৰ–বাখৰ শুনি ঘৰখনলৈ ঢপলিয়াই আহিল ঢপলিয়াই অহা চুবুৰীয়াই দেখিলে মজিয়াত পৰি আছে বাবুলৰ পত্নী বিনীতা। প্ৰথম অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ চেষ্টাত ব্যস্ত হ’ল প্ৰতিজন লোক। কিন্তু সকলোৰে চেষ্টাক অসাৰ কৰি ঘটনাস্থলীতে মৃত্যু হ’ল বিনীতা তাঁতীৰ।
এই কাণ্ড দেখি হতবাক হৈ পৰিল সকলো। বিনীতাৰ মৃত্যুৰ কাৰণ উলিয়াব নোৱাৰি স্থানীয় লোকে খবৰ দিলে আৰক্ষীক। বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত লেতুসেতু হৈ পৰিল ঘাতক স্বামী বাবুল নাহক। সন্দেহৰ বাবে শুই থকা পত্নীৰ বিচনাৰ কেওফালে বিদ্যুৎ সংযোগ কৰি থোৱাৰ কথা স্বীকাৰ কৰিলে বাবুলে। তেতিয়াহে ঘটনাস্থলীত উপস্থিত থকা লোকৰ চকুত পৰিল কোঠাৰ ভিতৰত পৰি থকা এডাল GI তাঁৰৰ ওপৰত।
পেণ্ডেলৰ কাম কৰা বাবুল নাহকৰ মানসিকতা ইমানেই নিকৃষ্ট যে সি গোপনে GI তাঁৰত বিদ্যুৎ সংযোগ কৰি প্ৰমাণ ল’ব খুজিছিল পত্নীৰ সততাৰ। যাৰ বাবে ভৰ যৌৱনতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰিব লগা হ’ল মনৰ অজুত আশাৰে বাবুলৰ সৈতে বিয়া হোৱা বিনীতাই।