সাংবাদিকৰ ক্ষমা, আঁতৰিল জটিলতাঃ সুস্বাস্থ্যৰে প্রণৱ কুমাৰ গগৈ-ৰাম কুমাৰক মোকলাই দিব আলফাই

সাংবাদিকৰ ক্ষমা, আঁতৰিল জটিলতাঃ সুস্বাস্থ্যৰে প্রণৱ কুমাৰ গগৈ-ৰাম কুমাৰক মোকলাই দিব আলফাই

কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দুই অপহূত বিষয়া–কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিক লৈ শেহতীয়াকৈ উদ্ভৱ হোৱা জটিলতা অৱশেষত আঁতৰিল৷ কেইদিনমানৰ ভিতৰতে দুয়োকে সুৰক্ষিত স্থানত সু–স্বাস্থ্যৰে মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে আলফা (স্বাধীন)–এ৷

ৰেৱতী ফুকনৰ পুত্র কৌশিক ফুকনৰ মধ্যস্থতাত আলফা (স্বাধীন)–এ অপহূতদ্বয়ক মুক্তি দিবলৈ সন্মত হোৱাৰ সময়তে সমগ্র বিষয়টো জটিলতাৰ আৱর্তত সোমাই পৰাৰ মূলতে আছিল এটা নিউজ ৱেব প’র্টেলৰ দ্বাৰা সম্প্রচাৰিত এক বাতৰি৷ নিউজ ৱেব প’র্টেলটোৰ দুজন সাংবাদিকে আলফা (স্বাধীন)ৰ উপ–সভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সদিচ্ছাক ভেঙুচালি কৰি তির্যক মন্তব্যৰে হেয় প্রতিপন্ন কৰাৰ অপচেষ্টাত লিপ্ত হোৱাৰ অভিযোগ তুলিছিল সশস্ত্র সংগঠনটোৱে৷

লগতে সাংবাদিক দুজনে ক্ষমা ভিক্ষা নিবিচৰা পর্যন্ত প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তি অনির্দিষ্টকাললৈ আলফা (স্বাধীন)–এ বাতিলৰ সিদ্ধান্ত লৈছিল৷ পৰৱর্তী সময়ত সাংবাদিক দুজনে ক্ষমা বিচাৰে যদিও এজনৰ ক্ষেত্রত সন্তুষ্ট হোৱা নাছিল আলফা (স্বাধীন)৷ এনে প্রেক্ষাপটত সাংবাদিকজনে পুনৰ ক্ষমা বিচাৰে৷

তাৰ পিছতে সশস্ত্র সংগঠনটোৱে কালি এক বিবৃতিযোগে প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মোকলাই দিয়াৰ কথা ঘোষণা কৰে৷ এই সন্দর্ভত আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে কাকতলৈ প্রেৰণ কৰা ই–মেইলটোৰ পূর্ণপাঠ এনেধৰণৰ– ‘Time 8ৰ সাংবাদিক দীক্ষিত শর্মাই যিহেতু তেওঁৰ মন্তব্যৰ বাবে আলফা (স্বাধীন)ৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰিছে, সেয়েহে আমিও তেওঁৰ ওপৰত কোনোধৰণৰ বিদ্বেষ নাৰাখি তেওঁৰ ভুল মৰিষণ কৰিছোঁ৷ লগতে সমগ্র অসমবাসীক জনাওঁ যে এতিয়াৰে পৰা আমাৰ তত্ত্বাৱধনাত থকা কুইপ’ৰ দুই বিষয়া–কর্মচাৰীৰ মুক্তিৰ ক্ষেত্রত কোনো বাধা নাথাকিব আৰু কেইদিনমানৰ ভিতৰতে আমি তেওঁলোকক সুৰক্ষিত স্থানত সুস্বাস্থ্যৰে মুকলি কৰি দিম৷’

উল্লেখ্য যে অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ ডায়ুন অঞ্চলত কর্মৰত অৱস্থাৰ পৰাই যোৱা ২১ ডিচেম্বৰত কুইপ’ৰ অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু ৰেডি’ অপাৰেটৰ ৰাম কুমাৰক আলফা (স্বাধীন)–এনএছচিএন (কে)ৰ এটা দলে অপহৰণ কৰি নিছিল৷

দুয়োজনৰে মুক্তিৰ বিষয়টোক লৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ সময়তে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হয় কৌশিক ফুকন৷ দিল্লীত কৌশিক ফুকনৰে অনুষ্ঠিত কেইবালানি আলোচনাৰ অন্তত আলফা (স্বাধীন)–এ উত্থাপন কৰা দাবী মানি লৈছিল কুইপ’ কর্তৃপক্ষই৷ এই কথা অপহূত প্রণৱ কুমাৰ গগৈৰ শিৱসাগৰৰ হাবিৰাম বৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালক জনাইছিল কৌশিক ফুকনে৷

কিন্তু নিউজ ৱেব প’র্টেলটোত সম্প্রচাৰিত বাতৰিয়ে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল৷ অৱশেষত সেই জটিলতাও আঁতৰিল৷
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.