সাংবাদিক সকল সমাজৰ অংগ – ডাঃ বিপিন কলিতা সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলা পূৰ্ণাংগ সমিতি গঠন

1 min read

নলবাৰী: ,১২ জুন – সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলাৰ পূৰ্ণাংগ সমিতি গঠনৰ উদ্দেশ্য আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয় । জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ উপস্থিতিত নলবাৰীৰ চকবজাৰ স্থিত জিলা লেখক সভাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, অৱসৰী পশু চিকিৎসা ও পালন বিষয়া ডাঃ বিপিন চন্দ্ৰ কলিতাই । সাংবাদিক প্ৰাঞ্জল শৰ্মাই উদ্দেশ্য বাখ্যা ও প্ৰতিবেদন পাঠ কৰা সভাত কেইবাজনো জ্যেষ্ঠ -কনিষ্ঠ সাংবাদিকে সাংগঠনিক দিশ, সাংবাদিক পৰিষদ নলবাৰী জিলা সমিতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে আগত সময়ৰ কাৰ্যবলি সন্দৰ্ভত ভাষন ৰাখে । সভাপতিৰ ভাষনত ডাঃ বিপিন চন্দ্ৰ কলিতাই কয় যে সাংবাদিক সকল সমাজৰ অংগ । সমাজক সংবাদ মাধ্যমে নতুন পথ দেখাই আহিছে বুলি দোহাৰি সভাপতি কলিতাই লগতে কয় যে সাংবাদিক সংগঠনৰ জিলা সমিতি নলবাৰীত বহুত আছে । কিন্তু সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলা সমিতি বিশেষ ভাবে আগবাঢ়ি যোৱাৰ বাবে আশা প্ৰকাশ কৰে । উক্ত সভাতে প্ৰসিদ্ধ সাহিত্যিক, সমালোচক শশী শৰ্মা, শিক্ষাবিদ ডঃ দীপক কুমাৰ শৰ্মা, ডঃ লীনা ডেকা, ডঃ প্ৰমোদ হালৈ, হেমন্ত দত্ত, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা,নলবাৰী জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক প্ৰধান বিজয় বৰুৱা, জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা,লেখক হিতেশ ডেকা, সমাজকৰ্মী ৰবীন মিশ্ৰ, বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰ কিংকৰ গোস্বামী, ডাঃ অৰুণ বৰ্মনক উপদেষ্টা, সাংবাদিক শৈলেন গোস্বামীক সভাপতি, দীপুল বৈশ্যক কাৰ্যকৰী সভাপতি, পুলেন চক্ৰৱৰ্তী, নলিনী কান্ত ডেকা, কৃষ্ণ কান্ত বৈশ্য, উপ সভাপতি, প্ৰাঞ্জল শৰ্মাক সাধাৰণ সম্পাদক, পাৰ্থ বৰ্মনক যুটীয়া সম্পাদক,
কুমুদ বৰ্মন আৰু সঞ্জয় দাসক সহকাৰী সম্পাদক, হেমন্ত কলিতাক আলোচনী সম্পাদক , উদ্ধৱ ঠাকুৰীয়াক সাংস্কৃতিক সম্পাদক,হীৰক জ্যোতি দাসক কোষাধ্যক্ষ, কিশোৰ কলিতাক হিচাপ পৰীক্ষক,কুলদ্বীপ গৌতম শৰ্মাক কাৰ্যালয় সম্পাদক, শংকৰ কলিতা আৰু নয়ন মণি শৰ্মাক কাৰ্যকৰী সদস্য হিচাপে লৈ সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলাৰ পূৰ্ণাংগ সমিতিখন সাধাৰণ সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে গঠন কৰা হয় । উল্লেখ্য যে সাধাৰণ সভাই আগন্তুক জুলাই অথবা আগষ্ট মাহত নলবাৰী জিলা প্ৰথম অধিবেশন আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰাৰ লগতে সংগঠনটোৰ পেড,ছিল, পতাকা বনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি সভাপতি আৰু সাধাৰণ সম্পাদকক এই ক্ষেত্ৰত আগবাঢ়ি কাৰ্যব্যৱস্থা গ্ৰহন কৰা, সাধাৰণ সম্পাদকক সহযোগ কৰা বাবে এগৰাকীক যুটীয়া সম্পাদক হিচাপেও দায়িত্ব প্ৰদান কৰে সভাই । তদুপৰি সভাৰ আন এক প্ৰস্তাৱ মৰ্মে সাংবাদিক পৰিষদৰ নলবাৰী জিলা সমিতিৰ আলোচনী খনৰ নাম ‘সংবাদ শিৰোমণি’ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

NewsDesk Report-GTM

You May Also Like

More From Author