১০ টা নিউজ চেনেলৰ ১৪ গৰাকী এংকৰক বয়কট ‘ইণ্ডিয়া’ৰ, বিজেপিৰ নিন্দা

১০ টা নিউজ চেনেলৰ ১৪ গৰাকী এংকৰক বয়কট ‘ইণ্ডিয়া’ৰ, বিজেপিৰ নিন্দা

বিৰোধী দলসমূহৰ মিত্ৰজোঁট ইণ্ডিয়াই দেশৰ ১০ টা টিভি চেনেলৰ ১৪ জন এংকৰক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত বৰ্তমান যথেষ্ঠ চৰ্চাত আছে। এই সিদ্ধান্ত নিন্দা কৰিছে বিজেপিয়ে।

এক বিবৃতিত দলটোৰ মুখ্য মুখপাত্ৰ তথা সাংসদ অনিল বালুনীয়ে কয় যে বিৰোধী দলসমূহে তেওঁলোকৰ অত্যাচাৰী, স্বৈৰাচাৰী আৰু নেতিবাচক মানসিকতা প্ৰদৰ্শন কৰিছে। জৰুৰীকালীন অৱস্থাৰ সময়ত সংবাদ মাধ্যমক শ্বাসৰুদ্ধ কৰা হৈছিল আৰু এই ‘অহংকাৰী’ মিত্ৰতাৰ সৈতে জড়িত পক্ষবোৰে একে বিশৃংখল আৰু জৰুৰী কালীন মানসিকতাৰে কাম কৰি আছে।

 

উল্লেখ্য যে, বুধবাৰে দিল্লীত ‘ইণ্ডিয়া’ই এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যত ৰণনীতিৰ বিষয়ে আলোচনা কৰিছিল।য’ত সিদ্ধান্ত লৈছিল তেওঁলোকে তেওঁলোকৰ নেতা আৰু মুখপাত্ৰসকলক কিছুমান টিভি এংকৰৰ অনুষ্ঠানলৈ পঠোৱা বন্ধ কৰিব।

‘ইণ্ডিয়া’ই বৰ্জন কৰা এংকৰসকলৰ ভিতৰত আছে অদিতি ত্যাগী, অমন চোপ্ৰা, আমিশ দেৱগান, আনন্দ নৰসিংহ, অৰ্ণব গোস্বামী, অশোক শ্ৰীবাস্তৱ, চিত্ৰা ত্ৰিপাঠী, গৌৰৱ সাৱন্ত, নাভিকা কুমাৰ, প্ৰাচী পৰসাৰ, ৰুবিকা লিয়াকত, আৰ শিৱুৰ, সুধীৰ চৌধুৰী আৰু সুধান চৌধুৰী।

Shahnawaz Hamza

Related