ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ বস্ত্ৰ তথা খাদ্য সামগ্ৰী বিতৰণ

ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ বস্ত্ৰ তথা খাদ্য সামগ্ৰী বিতৰণ

প্ৰতি বছৰৰ দৰে এইবাৰো নিয়মীয়াভাৱে ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ উদ্যোগত খাদ্য তথা বস্ত্ৰ বিতৰণ। বিগত কিছুদিন ধৰি ফাউণ্ডেচনটোৰ মুখ্য তথা শ্ৰীৰামপুৰ পৰিষদৰ পাৰিষদ স্বজল কুমাৰ সিংহই নিজ সমষ্টিৰ ভিন্ন অঞ্চলত বসবাস কৰা ৰাইজলৈ বিতৰণ কৰি আহিছে ইফতাৰৰ সামগ্রী তথা বস্ত্ৰ। একেদৰে আজি হাউৰীয়াপেট ভিচিডিচিৰ অন্তৰ্গত ১ আৰু 2 নং হাউৰীয়াপেট গাওঁৰ প্ৰায় ১,৪০০ গৰাকী দৰিদ্ৰ ইছলামবলম্বগী পৰিয়ালক চলিত ৰোমজান মাহ উপলক্ষে কিছু খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ বিতৰণ কৰে। পাৰিষদ গৰাকীৰ এই পদক্ষেপৰ প্ৰতি স্থানীয় দৰিদ্ৰ ৰাইজে যথেষ্ট সুখী হোৱা পৰিলক্ষিত হৈছে।

GTM Desk

Related