১৩ এপ্ৰিল ২০২১: সাংবাদিকৰ সুৰক্ষাৰ বাবে পুনৰ আগবাঢ়ি আহিল ৰাজ্যৰ অন্যতম পুৰণি প্ৰেছ ক্লাব গুৱাহাটী প্ৰেছ ক্লাব। ৰাজ্যত বৰ্তমান কোভিড-১৯ৰ ভয়াৱহতা। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়া কৰোনাৰ দ্বিতীয় ঢৌ।সেয়ে এনে জটিল সময়ত খবৰৰ সন্ধানত নিতৌ ঘূৰি-ফুৰা সাংবাদিক-সংবাদ কৰ্মীৰ মাজত বিতৰণ কৰা হয় N95 মাস্ক আৰু ফেছ শ্বিল্ড। অ’ইল ইণ্ডিয়াৰ আর্থিক সহযোগিতাত প্ৰায় কেইটা সংবাদ গোষ্ঠীক প্ৰদান কৰা হয় এই সুৰক্ষা কীট। মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক বিতৰণি অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকা, জয়ন্ত বৰমুদৈ, ৰিংকু বৰা তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰায়সহ আন বিষয়-ববীয়াসকল। উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকাই উল্লেখ কৰে যে সাংবাদিক- সংবাদকৰ্মীসকলে যিকোনো প্ৰতিকূল পৰিস্থিতিটো নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে। সেয়ে সাংবাদিক- সংবাদকৰ্মী সকলক এই সুৰক্ষা কীট প্ৰদান কৰিবলৈ সুযোগ লাভ কৰাত গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱা বাবে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষক ধন্যবাদ জনায় সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে।
ৰাজ্যত কৰোনাৰ দ্বিতীয় ঢৌ, সাংবাদিকক মাস্ক- ফেছ শ্বিল্ড প্ৰদান গুৱাহাটী প্ৰেছ ক্লাবৰ
Posted on by GTM Desk
1 min read
You May Also Like
গুৱাহাটীত চলন্ত ইন’ভাত কিশোৰীক যৌন নিৰ্যাতন…
March 29, 2024
ফকিৰাগ্ৰামত ইউপিপিএল-বিজেপি মিত্ৰজোটৰ বাইক ৰেলি
March 29, 2024
More From Author
গুৱাহাটীত চলন্ত ইন’ভাত কিশোৰীক যৌন নিৰ্যাতন…
March 29, 2024
ফকিৰাগ্ৰামত ইউপিপিএল-বিজেপি মিত্ৰজোটৰ বাইক ৰেলি
March 29, 2024