Advertisement

কৰোনা আক্ৰান্তৰ বাবে গুৱাহাটীত ১৬২খন বিছনা !

কৰোনা আক্ৰান্তৰ বাবে গুৱাহাটীত ১৬২খন বিছনা !

ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰামতে কৰোনাক্ৰান্তক চিকিৎসা কৰিবলৈ গুৱাহাটী মহানগৰীত আছে পৰ্যাপ্ত বিছনা।

নিউজ লাইভৰ সৈতে হোৱা বাৰ্তালাপত বিষয়াগৰাকীয়ে জনায় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সংলগ্ন কালাপাহাৰৰ চিকিৎসালয়ত ১৬২খন বিছনা সাজু আছে।

“মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত আছে ৬২খন বিছনা। কালিৰে পৰা আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৫৫৫খন বিছনাযুক্ত হাস্পতাল আৰম্ভ কৰিছোঁ। ৰাইজ আতংকিত হ’ব নালাগে, সষ্টম হৈ থাকক।”-এনেদৰে প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।

তেওঁ উল্লেখ কৰে যে হাস্পতালৰ বিছনাৰ ক্ষেত্ৰত গুৱাহাটীত কেতিয়াও সমস্যাৰ সৃষ্টি নহয়। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগৰ হাতত যথেষ্টসংখ্যক বিছনা মজুত আছে বুলি জনায়  বিষয়াগৰাকীয়ে।

Shahnawaz Hamza