প্রথম পর্যায়ত বেটেলিয়নত ১৫ হাজাৰক নিযুক্তি

0 min read
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তিনি মাহ সম্পূর্ণ নৌহওঁতেই নিবনুৱাসকলৰ বাবে আন এটি আশাৰ বতৰা কঢ়িয়াই আনিছে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি, এক লাখ পদত নিযুক্তি প্রক্রিয়াৰ কাম–কাজ আৰম্ভ কৰিছে চৰকাৰখনে৷ সোমবাৰে এই সন্দর্ভত বিত্তমন্ত্রী অজন্তা নেওগে জানিবলৈ দিয়া অনুসৰি, বিভিন্ন বিভাগে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত চৰকাৰে এক লাখ পদ পূৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এই সন্দর্ভত প্রস্তুত কৰা চূড়ান্ত প্রতিবেদন কেবিনেটত দাখিল কৰাৰ পিছতে নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব৷

উল্লেখ্য যে  মন্ত্রী অজন্তা নেওগে সমাজ কল্যাণ বিভাগত খালী হৈ থকা পদ পূৰণৰ ক্ষেত্রত কিদৰে আগবাঢ়িব, সেই সন্দর্ভত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰিছিল৷ এই বৈঠকত শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ বাবে প্রস্তুত কৰা আঁচনিৰ কাম–কাজ তথা বিভিন্ন দিশ আলোচনা কৰা হয়৷ এই বৈঠকৰ পিছতে মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰিয়েই ৰাজ্য চৰকাৰে ঘোষণা কৰা ১ লাখ পদত নিযুক্তি দিয়া প্রক্রিয়াৰ কাম আৰম্ভ হৈছে৷ কোনটো বিভাগৰ বিপৰীতে কিমান নিযুক্তি দিয়া হ’ব, সেই দিশবোৰ পৰীক্ষা কৰি থকাৰ লগতে অগ্রাধিকাৰ ভিত্তিত প্রথম পর্যায়ত কোন কোন বিভাগৰ পদ পূৰণ কৰা হ’ব, সেয়াও আলোচনা কৰা হৈছে৷

মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে চৰকাৰে প্রথম পর্যায়ত অসম আৰক্ষীৰ ১৫ হাজাৰ কনিষ্টবলৰ পদ পূৰণ কৰাৰ বাবে প্রস্তুতি চলাইছে৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে পাঁচটা নতুন বেটেলিয়ন গঠনৰ বাবেও সিদ্ধান্ত গ্রহণ কৰিছে৷ এই বেটেলিয়নসমূহত নিযুক্তি দিয়া হ’ব ৬,২৭০গৰাকী যুৱক–যুৱতীক৷ মন কৰিবলগীয়া যে ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে কেইবাসহস্র পদ৷

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, শিক্ষা বিভাগত সর্বাধিক ৫০,৪৬৫টা পদ, গৃহ বিভাগত ২০,২৮৪, বন বিভাগত ৩০০০, স্বাস্থ্য বিভাগত ৯৫০০ আৰু পশুপালন, পঞ্চায়ত–গ্রামোন্নয় প্রায় ৫,০০০ পদত নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে প্রক্রিয়া আৰম্ভ হৈছে৷

বিত্তমন্ত্রী অজন্তা নেওগে এই সন্দর্ভত কয় যে অগ্রাধিকাৰ ভিত্তিত বিভিন্ন বিভাগত পদসমূহ পূৰণ কৰা হ’ব৷ এইক্ষেত্রত গুৰুত্ব দিয়া হৈছে শিক্ষা বিভাগ আৰু আৰক্ষী বিভাগত৷ সমাজ কল্যাণ বিভাগতো প্রায় ৬০০ পদ পূৰণ কৰা হ’ব৷ মুখ্যতঃ নিযুক্তিৰ লগতে প্রশাসনক গতিশীল কৰাৰ লক্ষ্যৰে এই পদসমূহ পূৰণ কৰা হ’ব৷

উল্লেখ্য যে সোমবাৰে মন্ত্রী অজন্তা নেওগে সমাজ কল্যাণ সঞ্চালকালয়ত অনুষ্ঠিত কৰা পর্যালোচনা বৈঠকত প্রসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্রাস কৰাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে সমাজ কল্যাণৰ বিষয়াসকলক৷ মন্ত্রীগৰাকীয়ে পর্যালোচনা বৈঠকতে বিষয়া–কর্মচাৰীসক নিষ্ঠাসহকাৰে দায়িত্ব পালনৰ আহ্বান জনায়৷ লগতে এইবুলিও উল্লেখ কৰে যে দায়িত্বসহকাৰে কাম কৰা কর্মচাৰীক পুৰস্কৃত কৰা হ’ব আৰু গাফিলতি কৰা কর্মচাৰীক শাস্তি বিহা হ’ব৷

You May Also Like

More From Author