দেওবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ । অসমৰো বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতি বিভিন্ন শাখাৰ পদক ।

অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
আনহাতে, মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ ১৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে আৰক্ষীৰ পদক । তেওঁলোক হৈছে – আৰক্ষী অধীক্ষক বীৰেন্দ্ৰ মেধি, অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক এ বসুমতাৰী, উপ আৰক্ষী অধীক্ষক জগদীশ কুমাৰ সিন্হা, পৰিদৰ্শক ৰঞ্জিত ৰাজখোৱা, পৰিদৰ্শক বদৰুল ইছলাম, পৰিদৰ্শক যোগেন্দ্ৰ বৰ্মন, পৰিদৰ্শক ধ্ৰুৱজ্যোতি দাস, হেড কনিষ্টবল বালা কৃষ্ণ থাপা, হেড কনিষ্টবল দীলিপ বৰুৱা, হেড কনিষ্টবল দীপেন দাস, হেড কনিষ্টবল নবীন বৰগোঁহাই, কনিষ্টবল এছ দেৱ ৰয় আৰু মহিলা কনিষ্টবল শৰ্মিলা সিং।
আনহাতে, হোম গাৰ্ড আৰু চিভিল ডিফেন্সৰ ক্ষেত্ৰত মেৰিট’ৰিয়াছ সেৱাৰ বাবে অসমৰ চুবেদাৰ মোহিনী মোহন শৰ্মা, পল্টুন কামাণ্ডাৰ গণেশ ডেকা, হাবিলদাৰ হৰেশ্বৰ বৰগোঁহাই আৰু কনিষ্টবল অসীম কুমাৰ ক’ৰলৈ হোমগাৰ্ড মেডেল আগবঢ়োৱা হৈছে । উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে ৭৫ সংখ্যক ঘোষণা স্বাধীনতা দিৱস উপলক্ষে দেশৰ ১৩৮০ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ পদক আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।