ৰাজ্যৰ ভিন্ন প্ৰান্তত 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি

1 min read

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । দিৱসটি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি । পিছপৰি ৰোৱা নাই বিলাসীপাৰা মহকুমা । বিলাসীপাৰা মহকুমাৰ ৰাজহুৱা খেলপথাৰৰ পেৰেড গ্ৰাউণ্ডত আৰক্ষী বাহিনী, NCC ৰ কেডাৰসকলে চলাইছে অনুশীলন । স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত আৰক্ষীয়ে যান-বাহনত তন্ন-তন্নকৈ তালাচী চলাইছে ৷ যাতে কোনো দুৰ্বৃত্তই কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে ৷ মুঠতে আৰক্ষী-প্ৰশাসনে বিলাসীপাৰা মহকুমাত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ।

You May Also Like

More From Author