যান–বাহন আইন উলংঘাঃ ১৫ দিনত ৩৫ লাখ টকা জৰিমনা সংগ্রহ

0 min read

ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে গুৱাহাটী মহানগৰীত সান্ধ্য আইন উলংঘা কৰি যাতায়াত অব্যাহত ৰাখিছে৷ ক’ভিডৰ নীতি–নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷

বিগত এটা পষেকতে মহানগৰ আৰক্ষীয়ে যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলাই অভিলেখসংখ্যক ৩৫ লাখ টকা জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ক’ভিডৰ নীতি–নির্দেশনা আৰু যান–বাহন আইন উলংঘা কৰাৰ অপৰাধত ৩৫ লাখ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৪৫০০ নন–এফআইআৰ গোচৰ ৰুজু কৰাৰ লগতে ১১০খন বাহন জব্দ কৰে৷ যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে প্রতিদিনে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

You May Also Like

More From Author