প্রদূষণমুক্ত অসম গঢ়াৰ দিশত এখোজ আগবঢ়াই ৰাজ্যৰ প্রথমখন চি এন জি ইন্ধনচালিত বাছৰ সেৱা আজি ডিব্রুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উদ্বোধন কৰে৷ ডিব্রুগড় চৌকিডিংগিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত আয়োজিত এটা অনুষ্ঠানত আজি উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত চি এন জি বাছখনৰ ফিতা কাটি উদ্বোধন কৰাৰ পাছত ডিব্রুগড় নগৰৰ পৰা চাবুৱাৰ মুলুকগাঁওলৈ চলিবলগীয়া বাছখনৰ যাত্রাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে৷
চি এন জি বাছ সেৱাৰ শুভাৰম্ভ কৰি উপায়ুক্ত ঝাই উল্লেখ কৰে যে এখন প্রদূষণমুক্ত তথা স্বচছ, সেউজ অসম গঢ়াৰ দিশত অসম ৰাজ্যিক পৰিবহণ নিগমে গ্রহণ কৰা এয়া এক অতি যোগাত্মক পদক্ষেপ৷ উপায়ুক্তজনে লগতে আজিৰ সময়খিনিক এক ঐতিহাসিক মুহূর্ত আখ্যা দি নিগমে ডিব্রুগড় নগৰৰ পৰা বিন্ধাকটা মুলুকগাঁওলৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভণিৰ ফলত জিলাখনৰ সীমান্তৱর্তী চাবুৱা, পানীতোলা এলেকাকে ধৰি গ্রামাঞ্চলৰ ৰাইজে বিশেষভাৱে উপকৃত হ’ব বুলি আশা প্রকাশ কৰে৷
উল্লেখযোগ্য যে আজি শুভাৰম্ভ কৰা এ এছ ২০-১৭৫৬ নম্বৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনৰ ডিজেলচালিত ইঞ্জিন চি এন জিলৈ ৰূপান্তৰিত কৰাত কোহলী এণ্ড ছনছে পৰিবহণ নিগমক বিশেষ সহযোগিতা আগবঢ়াইছে৷ উদ্বোধনী অনুষ্ঠানত ডিব্রুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, অসম পৰিবহণ নিগমৰ মুখ্য অভিযন্তাবলীন দাস, মুখ্য বাণিজ্যিক প্রবন্ধক মুৰুলি বৰা, তিনিচুকীয়া সংমণ্ডলৰ সংমণ্ডল অধীক্ষক মিত্রদেৱ চাংকাকতী, জিলা পৰিবহণ বিষয়া সদানন্দ গগৈ, অসম গেছ কোম্পানী লিমিটেডৰ বিষয়া যামিনী বৰা উপস্থিত থাকে৷
ইফালে একেটা অনুষ্ঠানতে আজি উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্রুগড় নগৰত চিটি বাছ সেৱাৰো শুভাৰম্ভণি কৰে৷ ডিব্রুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্রুগড়ৰ চৌকিডিংগিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত আয়োজিত অনুষ্ঠানত এ এম চি এইচৰ পৰা বি চি পি এল পর্যন্ত চলিবলগীয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখন বাছৰ শুভ উদ্বোধন কৰি ডিব্রুগড়ত চিটি বাছ সেৱাৰ শুভাৰম্ভ কৰে৷
এই দুয়োখন নিগম পৰিচালিত বাছে বি চি এল মূল গে’ট আৰু এ এম চি এইচৰ পৰা পুৱা ৭ বজা আৰু ৯ বজা, দিনৰ ১১ বজা আৰু ১ বজা তথা বিয়লি ৩ বজা আৰু সন্ধিয়া ৫ বজাত নিজ যাত্রা আৰম্ভ কৰিব৷ আজি এই দুয়োখন বাছৰ শুভাৰম্ভ কৰি উপায়ুক্ত ঝাই দিনটোত বাছ দুখনে বি চি পি এলৰ পৰা এ এম চি এইচ পর্যন্ত অতিকমেও পাঁচবাৰকৈ যাতায়াত কৰি যাত্রীসকলক সেৱা আগবঢ়াব পাৰিব বুলি উল্লেখ কৰে ৷(Dainik Janambhumi)