সোণৰ অলঙ্কাৰ , দামী দামী পোচাক , ঘড়ী চুৰি কৰি নিয়াৰ পিছত লোভ সামৰিব নোৱাৰি প্ৰস্তুত কৰিলে টিকটক ভিডিঅ । পিছত ভিডিঅ’ দেখি হতবাক হৈ পৰে গৃহস্থ।
গুৱাহাটী: এগৰাকী যুৱতীয়ে এটা পৰিয়ালৰ পৰা চুৰি কৰিলে বৃহৎ পৰিমাণৰ সোণৰ অলঙ্কাৰ । অলঙ্কাৰৰ লগতে চুৰি কৰি নিলে ভাল ভাল ডিজাইনৰ কাপোৰ , ঘড়ীকে ধৰি আন বহু সামগ্ৰী । ব্যস্ত হৈ থকা ঘৰৰ গৃহস্থই কিছুদিনৰ পিছত ঘৰৰ আলমাৰি খুলি হতভম্ব হৈ পৰে । কাৰণ গুৱাহাটী আৰু যোৰহাটৰ দুটা ঘৰৰ পৰা সোণৰ অলংকাৰ সহ বহু সামগ্ৰীয়ে নোহোৱা হৈছিল । কিন্তু কপাল ভাল আছিল গৃহস্থৰ ।কেইটামান টিকটক ভিডিঅ’ই সন্ধান দিলে চুৰি সামগ্ৰীসমূহৰ।
চুৰিকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ ঘৰ আছে গুৱাহাটীৰ ভি আই পি ৰডৰ পেলেছিয়া পাৰ্ক এপাৰ্টমেন্ট আৰু যোৰহাটৰ হাবিচুকত । মাকৰ অসুস্থতাৰ বাবে গুৱাহাটীৰ সঁহাৰি নামৰ NGOটোৰ পৰা মাতৃৰ সুশ্ৰষাৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত চুমি কলিতা নামৰ এগৰাকী পৰিচাৰিকাক নিয়োগ কৰিছিল পৰিয়ালটোৱে । অতি ব্যস্ত থকা পৰিয়ালটোৰ সৰলতাৰ সুযোগ লৈ ধীৰে ধীৰে চুমিয়ে গুৱাহাটী আৰু যোৰহাটৰ বাসগৃহৰ আলমাৰিৰ লকাৰৰ পৰা সোণৰ অলঙ্কাৰ আৰু আন কিছু মূল্যবান সামগ্ৰী সৰকাবলৈ ধৰে । অৱশেষত যোৱা 6 মে’ত চুমিয়ে পৰিয়ালটোৰ পৰা কাম এৰি লক্ষীমপুৰৰ ঘৰলৈ গুচি যায় । তাৰ পিছতে পোহৰলৈ আহে এই চুৰিকাণ্ডৰ ঘটনা । কিন্তু এই চুৰিকাণ্ড ধৰা পৰাৰ আৰৰ কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব ।“মোৰ গুৱাহাটীৰ ঘৰ আৰু যোৰহাটৰ মাৰ ঘৰৰ পৰা কেইবাডালো সোণৰ চেইন চুৰি হৈছে । মোৰ সন্তানটোৰ বাবে মাই উপহাৰ দিবৰ বাবে আনি থোৱা সোণৰ চেইনডালো লকাৰত নাই । মোৰ কেইবাটাও অসমীয়া গহণা চেট , গামখাৰু , ঘড়ী আৰু পোছাকো চুৰি হৈছে বুলি আলমাৰিকেইটাৰ লকাৰ খুলি চোৱাতহে কেইদিনমান পূৰ্বে জানিব পাৰো ।” , ভুক্তভোগী মহিলাগৰাকীয়ে নিউজ18ক ঘটনাৰ বিষয়ে এনেদৰে কয়।কিন্তু সমগ্ৰ ঘটনাৰ ক্লাইমেক্স আনে কেইটামান টিকটক ভিডিঅ’ই । সকলোৱে সন্দেহ কৰা চুমি কলিতাৰ ‘অনামিকা বৰুৱা 81′ নামৰ এটা টিকটক একাউন্ট আছিল । ইয়াতে চুমিয়ে বিগত সময়চোৱাত কেইবাটাও ভিডিঅ’ পষ্ট কৰিছিল । এই ভিডিঅ’কেইটা বনাওতে চুমিয়ে পৰিধান কৰিছিল চুৰি হোৱা পোচাকৰ লগতে সোণৰ গহণাসমূহ । নিজৰ পোচাক আৰু সোণৰ গহণা সমূহ পিন্ধি চুমিয়ে বনোৱা টিকটক ভিডিঅ’ দেখি এইবাৰ গৃহস্থৰ চকু কপালত উঠে । সকলো চোৰ সন্দৰ্ভত নিশ্চিত হৈ পৰে।চুৰি হোৱা সোণৰ গহণাসমূহ পিন্ধি টিকটক ভিডিঅ’ বনোৱাৰ লোভ সামৰিব নোৱাৰাৰ বাবেই পোহৰলৈ আহে এই সমগ্ৰ ঘটনা ।ইতিমধ্যে ভুক্তভুগী পৰিয়ালটোৱে চুমি কলিতাৰ ওপৰত থানাত গোচৰ দিছে। তেওঁলোকে দিয়া ফটো , ভিডিঅ’ৰ ওপৰত নিৰ্ভৰ কৰি আৰক্ষীয়ে চুমিক বিছাৰি অনুসন্ধান আৰম্ভ কৰিছিল আৰু যোৱা নিশা গ্ৰেফতাৰ কৰে সুমি কলিতাক। এই খবৰ বিশ্বনাথ আৰক্ষীয়ে Facebook যোগে জানিবলৈ দিয়ে ।