কাশ্মীৰত মাটিৰ ওপৰত আজিৰে পৰা নাথাকে খিলঞ্জীয়াৰ অধিকাৰ

1 min read

কেন্দ্ৰীয়শাসিত জম্মু-কাশ্মীৰক লৈ কেন্দ্রই কৰিছে বৃহৎ ঘোষণা। এতিয়াৰ পৰা কাশ্মীৰত আপুনি যদি বিচাৰে দোকান খুলি মাটি কিনিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ নতুন ঘোষণা অনুসৰি Municipal Area আৰু নগৰীয়া এলেকাত সকলো ভাৰতীয় নাগৰিকে ক্ৰয় কৰিব পাৰিব মাটি। মাটি ক্ৰয় কৰিবলৈ প্ৰয়োজন নহ’ব স্থানীয় বাসিন্দা বা State Subject হোৱাৰ। ঔদ্যোগিক অঞ্চল হিচাপে চিহ্নিত এলেকাসমূহো মুক্ত কৰি দিয়া হৈছে। জম্মু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই মঙলবাৰে জনোৱা মতে জম্মু-কাশ্মীৰৰ ঔদ্যোগিক বিকাশৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে কৃষিভূমিসমূহ কৃষকৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে।

অন্যহাতেদি, জম্মু-কাশ্মীৰত অন্ত পৰিল ৰণবীৰ দণ্ডবিধি আইন। এতিয়াৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰযোজ্য হ’ব ভাৰতীয় দণ্ডবিধি আইন আৰু Criminal Procedure Code। কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ স্বাক্ষৰিত এখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদক্ষেপসমূহৰ ঘোষণা কৰা হয়। উল্লেখযোগ্য এই ঘোষণাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিতাড়িত কাশ্মীৰৰ পণ্ডিতসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো পদক্ষেপে স্থান পোৱা পৰিলক্ষিত হোৱা নাই।

Source: News 18 Assam

You May Also Like

More From Author