পুনৰ লকডাউন! এই প্ৰসংগত কি ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

1 min read

 

পুনৰ ক’ৰোনা সংক্ৰমণৰ খবৰ আহিছে দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো। গুৱাহাটীৰ পাণবজাৰস্থিত ডনবস্কোত ক’ৰোনা সংক্ৰমণৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এসপ্তাহৰ বাবে।

এনে অৱস্থাত গুৱাহাটীত লকডাউন দিয়া-নিদিয়াক লৈ কিছু উৰাবাতৰিও চাৰিওফালে বিয়পি পৰা দেখা গৈছে।

এই সম্পৰ্কত আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘প্ৰতিদিনে ৯টাৰ পৰা ২০টাৰ ভিতৰত ক’ৰোনা আক্ৰান্তৰ কেছ আজি এমাহ ধৰি ওলাই আছে। ক’ভিড মহামাৰী থকালৈকে এনে পৰিসংখ্যা ৰাজ্যখনত থাকিবই। শংকাৰ কোনো কাৰণ নাই। মই ভাবো যে ক’ভিড পৰিস্থিতি ৰাজ্যত নিয়ন্ত্ৰণাধীন।’

আনহাতে লকডাউনৰ প্ৰসংগত সোধাত তেওঁ কয় যে লকডাউনৰ বাবে কোনো পৰিস্থিতি সৃষ্টি হোৱা নাই। কিন্তু দেশৰ অন্য প্ৰান্তত ক’ভিড এতিয়াও য়িহেতু আছে, গতিকে সতৰ্ক হৈ থকা প্ৰয়োজন আছে।

You May Also Like

More From Author