হাতীগাঁৱত ড্রাগ্ছসহ দুজনক গ্রেপ্তাৰ

1 min read

হাতীগাঁও আৰক্ষীয়ে বুধবাৰে খানকা অৰুণোদয় পথত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটা ক্রমে জেহেৰুল ইছলাম (২৪) আৰু জাহাৰুল ইছলাম (৩০)৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত খানকা অৰুণোদয় পথৰ এটা বাসগৃহত অভিযান চলাই ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা তিনিটা ম’বাইল, প্রায় ১০০ গ্রাম হেৰ’ইন, নগদ ধন জব্দ কৰে৷ সম্প্রতি হাতীগাঁও আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীকেইটাক্ মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

Source- Niyomiyabarta

You May Also Like

More From Author