কোকৰাঝাৰত আজি মোদীৰ নির্বাচনী সভা

1 min read

অসম বিধানসভাৰ শেষ তথা তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী ১ এপ্রিলত পুনৰ অসমলৈ আহিব৷ প্রধানমন্ত্রীগৰাকীয়্ বৃহস্পতিবাৰে কোকৰাঝাৰত উপস্থিত হৈ নির্বাচনী প্রচাৰ চলাব৷ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া সভাত প্রধানমন্ত্রীগৰাকীক্ সংগ দিব বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷

উক্ত সভাৰ পাছতেই ৰাষ্ট্রীয় সাধাৰণ সম্পাদকগৰাকী নির্বাচনী প্রচাৰৰ হেতু বৰক্ষেত্রীত উপস্থিত থাকিব৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস পাটাছাৰকুছিত উপস্থিত থাকি কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলোৱাৰ উদ্দেশ্যে বৰপেটা, সৰুক্ষেত্রী, পূব গোৱালপাৰা, বকো, ছয়গাঁও আৰু পশ্চিম গুৱাহাটীত উপস্থিত থাকিব৷ নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, বৰমা, ধর্মপুৰ, দুধনৈ, পলাশবাৰী আৰু হাজোত উপস্থিত হৈ নির্বাচনী প্রচাৰ চলোৱাৰ লগতে পাটাছাৰকুছিৰ পদযাত্রাত অংশগ্রহণ কৰিব৷
Source- Niyomiyabarta

You May Also Like

More From Author