পৌৰ নিগমে নির্মাণ কৰিব ৪খন উৰণীয়া পদসেতু

1 min read

গুৱাহাটী মহানগৰীত নতুনকৈ চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰিব পৌৰ নিগম কর্তৃপক্ষই৷ এই ঘোষণা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷ আজি শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিযুক্তি–পত্র বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত মহানগৰীৰ ৰুক্মিণীগাঁও, ভঙাগড়, বৰা ছার্ভিচ আৰু ফাঁচীবজাৰত পৌৰ নিগমে চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰাৰ কথা সদৰী কৰে৷ পৌৰ নিগমৰ পুঁজিৰে নির্মাণ হ’বলগা এই উৰণীয়া পদসেতুকেইখনে মহানগৰীৰ যান–জঁটৰ সমস্যা সমাধান কৰাৰ লগতে পথচাৰীৰ ৰাজপথ পাৰ হোৱাৰ সমস্যা দূৰ হ’ব বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে
source – Niyomiabarta

 

You May Also Like

More From Author