ৰঙিয়াত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড ৷ ৰঙিয়াৰ বিছেন্নালাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে ৷ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে উত্তপ্ত হৈ পিৰছে মহিলা গাৰীকৰ স্বামীৰ গৃহ ৷ স্বামীৰ গৃহত হিমাশ্ৰী হালৈৰ মৃতদেহ উদ্ধাৰ হৈছে ডিঙিত চিপলৈ উলমি থকা অৱস্থাত ৷
হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা গৰাকীৰ মাতৃৰ পৰিয়ালে ৷ মৃতদেটো উদ্ধাৰ হোৱাৰ পাচতে উত্তপ্ত হৈ পৰিস্থতিৰ সৃষ্টি হৈছে ৷ হিমাশ্ৰী হালৈৰ স্বামী সঞ্জয় হালৈয়ে হত্যা কৰি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে হিমাশ্ৰীৰ মাতৃ গৃহৰ পৰিয়ালে ৷
ইপিনে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে বহু সংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈছে ৷
সম্প্ৰতি সকলোৱে একে মুখে হত্যাকাৰীক কঠোতকৈ কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব অভিযুক্ত অপৰাধীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ৷