ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰিলে সাংসদ দিলীপ শইকীয়াই

0 min read

দৰং জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প আগন্তুক পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা মুকলি কৰা হয় । মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ৰাষ্ট্ৰীয় উদ্যান খনত এই উপলক্ষে অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে।

অনুষ্ঠানত মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱা, বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে প্ৰকৃতি প্ৰেমী স্থানীয় লোকসকলৰ উপস্থিত থাকে। উদ্যান কৰ্ত্তৃপক্ষই জনোৱা মতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় উদ্যান খনৰ যাতায়ত ব্যৱস্থা এতিয়াও  সুচল হৈ নুঠাৰ বাবে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান খনৰ পঞ্চাশ শতাংশ অঞ্চলহে পৰ্যটনৰ বাবে মুকলি কৰা হৈছে আৰু পৰ্যায় ক্ৰমে সম্পূৰ্ণ উদ্যান খন পৰ্যটকৰ বাবে মোকলাই দিয়া হব।

সূত্ৰটোৱে লগতে জনোৱা মতে প্ৰতিবছৰে অক্টোবৰৰ পৰা এপ্ৰিল মাহলৈকে উদ্যান খন পৰ্যটনৰ বাবে মুকলি থাকে যদিও কভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষত ছয় নবেম্বৰৰ পৰা চাৰি মাৰ্চ লৈকে মাত্ৰ  চাৰি মাহৰ বাবেহে উদ্যান খন মুকলি থাকে। ।

You May Also Like

More From Author