মহানগৰীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

1 min read
কামৰূপ মহানগ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কতৃপক্ষৰ উদ্যোগত জয়ন্তী শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত উদযাপন কৰা হয় জাতিৰ পিতা মহাত্মা গান্ধীৰ 152 সংখ্যক জন্ম জয়ন্তী ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাজ্ঞলি জনায় ৷ তেওঁ ভাষণৰ প্ৰসংগত কয় যে, মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ আমি আৰু আমাৰ চৰকাৰে অনুকৰণ কৰিছোঁ ৷ কানি বন্ধ কৰিবলৈ মহাত্মা গান্ধীয়ে যথেষ্ট কাম কৰিছিল একেদৰে আমাৰ চৰকাৰেও ড্ৰাগছ বন্ধ কৰিবৰ চেষ্টা কৰিছোঁ ৷ গো-সুৰক্ষাৰ বাবে মহাত্মা গান্ধীয়ে মাত মাতিছিল, তেওঁ ভগবান বুলি কৈছিল গৰুক ৷ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও গো-সুৰক্ষাৰ বাবে কাম কৰিছোঁ ৷ তেওঁ লগতে শৰণীয়া পাহাৰত বেদখল হোৱাৰ কথা উল্লেখ কৰি মহানগৰ জিলা প্ৰশাসনক সেই স্থান খালী কৰিবলৈ অনুৰোধ জনায় ৷ এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ইউ জি ব্ৰহ্ম, সাংসদ কুইন ওজা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ ইয়াৰ পিছতে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডত আয়োজন কৰা গান্ধীজয়ন্তীৰ কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ আনহাতে “গান্ধী জয়ন্তী”ৰ পৱিত্ৰ ক্ষণত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা অসমৰ ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ঐতিহাসিক শিলপুখুৰীত এক স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ভাৰতীয় জনতা পাৰ্টি, পূব গুৱাহাটী মণ্ডলৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়া, পূব গুৱাহাটী মণ্ডলৰ সভাপতি অমিয় শৰ্মা প্ৰমুখ্যে দলৰ উৎসাহী কাৰ্যকৰ্তা আৰু সতীৰ্থসকলৰ সৈতে তেখেতে মত বিনিময় কৰে।

You May Also Like

More From Author