দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

1 min read

দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু দেওবাৰে উপস্থিত হ’ব গুৱাহাটীত । দেওবাৰে দিনৰ প্ৰায় ১১ বজাত বৰঝাৰ বিমান বন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰাৰ পিছত উপ-ৰাষ্ট্ৰপতিগৰাকী পোনে পোনে ৰাওনা হ’ব পাণবজাৰত অৱস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনলৈ । উল্লেখযোগ্য যে, এই বাসভৱনটো ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

এক ঐতিহ্যমণ্ডিত চৰকাৰী এই বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে দেওবাৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মুকলি কৰিব । ইয়াৰ পিছতে দিনৰ প্ৰায় ১২.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত তেওঁ অংশ ল’ব । তাৰ পিছতে উপ-ৰাষ্ট্ৰপতিগৰাকী ৰাওনা হ’ব তেওঁৰ মূল অনুষ্ঠানলৈ ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ৩ বজাত অনুষ্ঠিত হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠান । এই বছৰৰ পৰা চৰকাৰে প্ৰৱৰ্তন কৰিছে এই নতুন বঁটা । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি নাইডুৱে ডঃ নিৰোদ কুমাৰ বৰুৱাক প্ৰদান কৰিব প্ৰথম বৰ্ষৰ গোপীনাথ বৰদলৈ বঁটা । নিশাটো ৰাজভৱনত কটাই সোমবাৰে তেওঁ উভতি যাব দিল্লীলৈ ।

You May Also Like

More From Author