পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

1 min read

প্ৰকৃতি প্ৰেমী সকলৰ বাবে সু-খবৰ ৷ সুদীৰ্ঘ পাঁচ মাহ ধৰি বন্ধ হৈ থকাৰ পিছত শুকুৰবাৰৰে পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এক উদুলি-মুদুলি পৰিৱেশত আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে ৷ এতিয়াৰে পৰা পৰ্যটকসকলে পুনৰ হাতী ছাফাৰীৰ পৰা জীপ ছাফাৰীলৈ সকলো কৰিব পাৰিব ৷

উল্লেখ্য যে, ক’ভিড-19 ৰ ভয়াৱহতাৰ বাবে ৰাজ্য চৰকাৰে বিগত মে’ মাহত মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি দিছিল ৷ শেহতীয়াভাৱে ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত পুনৰ পৰ্যটনক্ষেত্ৰ সমূহ মুকলি কৰি দিছে চৰকাৰে ৷ সেই উপলক্ষে শুকুৰবাৰে বাক্সা জিলাৰ অন্তৰ্গত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় ৷

ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে উদ্যানখনৰ বাঁহবাৰী ফৰেষ্ট ৰেঞ্জৰ পৰা মুখ্য তোৰণলৈ এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক আদৰি আনে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় এখন মুকলি সভা ৷

সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপৰিও বিটিচিৰ বন বিভাগৰ চিচিএফ অনুৰাগ সিং, এন ডি এফ বি নেতা বি বিদাই, বন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ চন্দ্ৰকান্ত বসুমতাৰী উপস্থিত আছিল ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে লকডাউনৰ সময়চোৱাত মানাহত যথেষ্ট পৰিমাণৰ জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পাইছে ৷ যাৰবাবে পৰ্যটকসকল বেছি আনন্দিত হ’ব ৷

তেওঁ লগতে কয় যে, লকডাউনৰ বাবে বেছিভাগ সময় বন্ধ থাকিলেও বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা প্ৰায় 1 কোটি 41 লাখ টকা ৰাজহ সংগ্ৰহ হৈছে ৷

You May Also Like

More From Author