সর্বভাৰতীয় পর্যায়ত বৰগাং এইবাৰ উজলি উঠিছে বিশ্বনাথৰ বৰগাঙৰ মেধাৱী ছাত্রী অস্মিতা কাকতি৷ ইণ্ডিয়ান চার্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেচন (আই চি এছ ই) পাঠ্যক্রমৰ সদ্যঘোষিত দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ অস্মিতা কাকতিয়ে হিউমেনিটী শাখাত (কলা শাখা) দেশৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷
Year: 2021
কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল। সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে ৬বাৰকৈ টেলিফোনযোগে বার্তালাপ কৰাৰ কথা উল্লেখ কৰে। সংবাদমেল ড০ শৰ্মাই কয়, “কালিৰ ঘটনা অতি দুৰ্ভাগ্যজনক। অসমে শান্তি বিচাৰে, সীমা
গুৱাহাটী ৰে’ল ষ্টেচনত আজি পুৱা ৰে’ল আৰক্ষীয়ে অভিযান চলাই এটি শিশুসহ ১০জন ৰহিংগ্যা মুছলমানক আটক কৰে৷ চাপৰমুুখৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আগৰতলা দেউধৰ এক্সপ্রেছৰ পৰা জিআৰপিৰ সহযোগত আৰ পি এফৰ এটা দলে ৰে’লগাড়ীখনৰ ডি ২নং দবাৰ পৰা ৰহিংগ্যাকেইজনক আটক কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ম্যানমাৰৰ পৰা বাংলাদেশলৈ যোৱা
সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ আই এছ চি ই ৰ অৰ্থাত ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডাৰী এডুকেচন অন্তৰ্গত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ অনুস্কাই সুখ্যাতিৰে উত্তিৰ্ণ হৈ জিলাখনৰ লগতে ৰাজ্যখনৰে গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ভবিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ লক্ষ্যৰে অনুস্কা বৰাই উক্ত পৰীক্ষাত বাইঅলজি আৰু
উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেইবাখনো উৰণীয়া সেতুৰ নির্মাণৰ কাম চলি আছে৷ আনকি বিগত বর্ষৰ ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মালিগাঁৱৰ পৰা কামাখ্যাগেটলৈ প্রায় ৩ কিঃমিঃ দৈর্ঘ্যৰ উৰণীয়া সেতু নির্মাণৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ সেতুখনৰ নির্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শর্মা নামৰ অভিযান্ত্রিকৰ স্নাতক