আমাৰ অসমীয়াত এষাৰ কথা আছে-কৰ্মই ধৰ্ম।কৰ্ম নকৰিলে কোনেও চলিব নোৱাৰে।আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হলে আমি নিজৰ কৰ্ম কৰিবই লাগিব।নিজ কৰ্মৰ বলত বহুলোক জনসমাজৰ মাজত আজিও জিলিকি আছে।আমাৰ সমাজত এনে লোক আছে যি লোকৰ ওপৰত নিৰ্ভৰ নকৰি নিজ কৰ্মৰ বলত জীয়াই আছে।তেনে এজন ব্যক্তি হল শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অধীনস্ত হালোৱাটিঙৰ সমীপৰ আহুগ্ৰাণ্টৰ বাসিন্দা ৰঞ্জিত মালাকাৰ।বৰছিলা গাও পঞ্চায়তৰ এক নংৱাৰ্ডৰ বাসিন্দা ৰঞ্জিত মালাকাৰ।তেখেতে তোলা অভিযোগ অনুসৰি বৰছিলা গাও পঞ্চায়তৰ এক নংৱাৰ্ডৰ বাসিন্দা হৈও তেও অদ্যপৰিমিত চৰকাৰে দৰিদ্ৰলোকৰ বাবে ৰূপায়ন কৰা আচনি সমুহ লাভ কৰিবলৈ সক্ষম হোৱা নাই।চৰকাৰে যোগান ধৰা প্ৰধানমন্ত্ৰী আৱাস গৃহ অনাময় আচনি কে ধৰি বহুবোৰ আচনি তেও লাভ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ তুলিছে।তেখেতে কৰা অভিযোগ মৰ্মে তেখেতৰ পৰিয়ালে চৰকাৰী চাওল কেইটা পোৱাৰ বাহিৰে অন্যএকো লাভ কৰিবলৈ সক্ষম হোৱা নাই।সেয়েহে তেখেতে এতিয়া টিফুকত চেনা বিক্ৰী কৰিয়েই পৰিয়াল চলাই আছে।তেখেতৰ চৰকাৰৰ প্ৰতি এটাই আহ্বান তেখেতক চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহটো যাতে সোনকালে অনুমোদন দিয়ে।সেয়েহে ৰঞ্জিত মালাকাৰে এই বাতৰিৰ জৰিয়তে তেখেতৰ সমস্যাৰাজি শিৱসাগৰ জিলা প্ৰশাসনক দৃষ্টিগোচৰ কৰাব বিচাৰিছে।
আমগুৰি পৰা ৰেৱত দত্ত ৰিৰ্পট ৷