২৯ মে’ত নগাঁৱৰ মিলনপুৰত “আমাৰো বহুত সপোন আছে”

1 min read

নগাঁও চহৰৰ সমীপৰ মিলনপুৰৰ “অকণিৰ মেল”ৰ উদ্যোগত অহা ২৯মে’ত(দেওবাৰে) দিনজোৰা কাৰ্যসূচীৰে এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাখনি মিলনপুৰৰ খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব । “আমাৰো বহুত সপোন আছে” শীৰ্ষক প্ৰতিযোগিতাখনিত চিত্ৰাংকন,লিখিত কুইজ,অংকৰ দৌৰ,বানান লিখা আৰু আকস্মিক বক্তৃতা অন্তৰ্ভূক্ত কৰা হৈছে । চিত্ৰাংকন,বানান লিখা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা দুটা শাখাত তথা লিখিত কুইজ “খ” আৰু অংকৰ দৌৰ “ক” শাখাত অনুষ্ঠিত হ’ব ।

“ক” শাখা পঞ্চম শ্ৰেণীলৈ আৰু “খ” শাখা ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ মাজত সীমাবদ্ধ থাকিব । উল্লেখ্য যে প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰয়াত অনুপম হাজৰিকাৰ সোঁৱৰণত আগবঢ়োৱা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে । এই অনুষ্ঠানতে “অকণিৰ বাৰ্তা” তৃতীয় সংখ্যাটি উন্মোচন কৰা হ’ব । প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে কোনো ভৰ্তি মাচুল নালাগে । প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ বাবে ৯৮৬৪৪২৪০৮৭ আৰু ৯৪০১৭৬৬৬৭৮ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ কৰিবলৈ অনুৰোধ জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author