নগাঁৱৰ ৰহাত শিশু আৰু কামপুৰত কিশোৰীৰ শোকাবহ মৃত্যু

0 min read

নগাঁও জিলাৰ ৰহা আৰু কামপুৰত সংঘটিত পৃথক শোকাবহ ঘটনাত দুটি শিশু আৰু এজনী কিশোৰীৰ মৃত্যু হয় । প্ৰাপ্ত বাতৰি মতে ৰহাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰগাঁৱৰ দীঘলিডুবাত এজনী কিশোৰীয়ে দুগৰাকী লগৰীয়াৰ সৈতে নাওঁ চলাই বাঢ়নী পানী ওচৰৰে পৰা আনিবলৈ যাওতেই অঘটনটি সংঘটিত হয় । স্থানীয় ৰাইজে পিছত পানীৰ মাজৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহটি উদ্ধাৰ কৰে । মৃত কিশোৰীগৰাকীক ফাটেমা খাতুন(১২) বুলি চিনাক্ত কৰা হৈছে । ইপিনে বঢ়মপুৰ বিধানসভা সমষ্টিৰ কামপুৰৰ সমীপৰ কচুৱাৰ চানখোলাত পানীত পৰি দুটি শিশুৰ মৃত্যু হয় ।

প্ৰাপ্ত বাতৰি মতে সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে বাঢ়নি পানীত পৰি যোৱাত দ্বিতীয় অঘটন সংঘটিত হয় । পৰৱৰ্তী সময়ত শিশু দুটিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত শিশু দুটিক চাইমা খাটুন (৮) আৰু জোনাইট আলম (৩) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে ৰহা আৰু কামপুৰ অঞ্চলৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও সম্প্ৰতি পানী সম্পূৰ্ণ কমা নাই । কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে । ইয়াৰ ভিতৰত অধিকাংশই শিশু ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author