‘নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয়,আগৰ দৰেই অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা’

1 min read

মঙলবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ডিফু চহৰত দেওবাৰে বিজেপি প্ৰাৰ্খীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰে৷

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ক’ভিড পৰিৱেশৰ পিছত হোৱা মেট্ৰিক পৰীক্ষাত আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাৰ ফলাফল দিয়া হৈছিল ৷ ক’ভিডৰ পিছত এইটো আছিল প্ৰথম মেট্ৰিক পৰীক্ষা ৷ ফলত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ ওপৰত কিছু প্ৰভাৱ পৰিব ৷ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হ’লে হতাশ নহৈ পুনৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয় বুলি মন্তব্য কৰি আগৰ দৰেই পৰীক্ষা হ’ব বুলি কয় ৷ অৱশ্যে উপৰিঞ্চিকৈ নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাও বোৰ্ডৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব বুলি কয় মন্ত্ৰী ৰণোজ পেগুৱে ৷ তেওঁ লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি মন্তব্য কৰে যদিও এনে সিদ্ধান্ত চৰকাৰে নহয় শিক্ষা পৰিষদেহে ঘোষণা কৰিব ৷

You May Also Like

More From Author