‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মৃত্যু গোচৰৰ শুনানি, ADGP জি পি সিঙক দোষমুক্ত ঘোষণা

1 min read

‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত ADGP জি পি সিঙক দোষমুক্ত ঘোষণা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ।

 

ছেম ষ্টেফৰ্ডৰ মৃত্যু শ্বক আৰু মগজুৰ ৰক্তক্ষৰণৰ ফলতহে হৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ থকাৰ বিপৰীতে অতিৰিক্ত আৰক্ষী অধীক্ষক জি পি সিঙৰ বিৰুদ্ধে কোনোধৰণৰ তথ্য–প্ৰমাণ নাপালে আদালতে।

 

লগতে সমগ্ৰ ঘটনাত কোন জড়িত তাৰো কোনো তথ্য নাই বুলি উল্লেখ শুনানিত। পিতৃ বিজু ষ্টেফৰ্ডে দাখিল কৰা এক গোচৰৰ শুনানিক লৈ এই তথ্য দিয়ে আদালতে।

 

সমান্তৰালভাৱে ছেম ষ্টেফৰ্ডৰ দৰিদ্ৰ পৰিয়ালটোক শীঘ্ৰেই আইনী সাহায্যৰ লগতে অন্যান্য সাহায্য প্ৰদানৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ জিলা আইন সেৱা প্ৰাধিকাৰীক।

 

৩৭৫ (এ) ধাৰাৰ অধীনত পৰিয়ালটোক সকলোধৰণৰ সাহায্য দিয়াৰ নিৰ্দেশ আদালতৰ। আনহাতে হাতীগাঁও থানাত ৰুজু হোৱা ৯৪৮/১৯ নম্বৰৰ গোচৰটোৰ শুনানি নৱেম্বৰ মাহৰ ৩ তাৰিখ ধাৰ্য কৰিছে আদালতে।

উল্লেখ্য, ২০১৯ চনত অসমত CAA বিৰোধী প্ৰতিবাদৰ সময়ত নিহত হৈছিল গুৱাহাটীৰ হাতীগাঁৱৰ ১৭ বছৰীয়া ছাত্ৰ ছেম ষ্টেফৰ্ড। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা আৰক্ষীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাত যুৱকজন থিতাতে নিহত হয় বুলি অভিযোগ উত্থাপন হৈছিল।

You May Also Like

More From Author