মাতৃত্ব লাভ হওক নিৰাপদ আৰু আনন্দদায়ক

0 min read

এনে এটা সপোন ভঙা অৱস্থাক দুর্ভাগ্য বুলি অপযশ দিয়াৰ আগতে আমি নিৰাপদ আৰু আনন্দময় গর্ভাৱস্থাৰ বিষয়ে জানি লোৱাটো অতি প্রয়োজনীয় কথা৷
কিয় লাগে পৰিকল্পনা
যিকোনো অপৰিকল্পিত কামৰ দৰেই অপৰিকল্পিত গর্ভধাৰণেও নানাধৰণৰ বিপদ মাতি আনিব পাৰে৷ সেয়ে সদায় প্রাক্ গর্ভধাৰণ পৰামর্শ আৰু পৰিকল্পনাৰ সুবিধা লওক৷ যিকোনো প্রসূতি বিশেষজ্ঞই সম্ভাব্য মাতৃসকলক এইক্ষেত্রত সহায় কৰিব পাৰিব৷
প্রায়ে এনেকুৱা দেখা যায় যে গর্ভধাৰণ কৰাৰ দুই–তিনি মাহৰ পিছতহে মাতৃগৰাকীয়ে গম পায় তেওঁ গর্ভৱতী হোৱাৰ কথাটো৷ কিন্তু ইতিমধ্যে তেওঁ বহুতো শাৰীৰিক বা মানসিক সমস্যাৰ সন্মুখীন হয়৷ কেতিয়াবা আনকি তেওঁ নিজে বা দম্পতীহালে বিভিন্ন অজুহাতত গর্ভপাত কৰাৰ কথাও চিন্তা কৰিবলগা হয়৷ আনহাতে সিমান দিনলৈ মাকৰ শাৰীৰিক অসুস্থতা বা তেওঁ গ্রহণ কৰা কিছু অনিষ্টকৰ খাদ্য বা দৰব ইত্যাদিৰ বাবে গর্ভস্থ ভ্রূণৰ শুধৰাব নোৱৰাবিধৰ বহুতো অপকাৰো হ’ব পাৰে৷
মাতৃত্ব লাভ কৰাৰ আগতে গ্রহণ কৰা দিহা–পৰামর্শৰ উদ্দেশ্য হ’ল এগৰাকী নাৰীৰ বাবে এইটো নিশ্চিত কৰা যাতে তেওঁৰ নিজৰ আৰু হ’বলগা সন্তানৰ বাবে আটাইতকৈ নিৰাপদ হ’ব পৰা এটা উপযুক্ত স্বাস্থ্য অৱস্থাত তেওঁ গর্ভধাৰণ কৰে৷
মাতৃত্ব লাভ কৰাৰ আগতে দিয়া পৰামর্শ
গর্ভৱতী হ’ব বিচৰা এগৰাকী নাৰীৰ সম্পূর্ণ স্বাস্থ্য পৰীক্ষা আৰু প্রয়োজনীয় পৰীক্ষা কৰি তেওঁৰ স্বাস্থ্যৰ অৱস্থাটো জানি লোৱাৰ লগতে বিপজ্জনক কাৰকবোৰ বিচাৰি উলিওৱা হয়৷ এইখিনি জনাৰ পিছত চিকিৎসকে স্বামী–স্ত্রীৰ লগত খোলাখুলিকৈ কিছুমান কথা আলোচনা কৰিব, যেনে– নাৰীগৰাকীয়ে গর্ভধাৰণ কৰা উচিত নে অনুচিত, তেওঁৰ কি কি শাৰীৰিক দুর্বলতা (যেনে– ৰক্তহীনতা, পুষ্টিহীনতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা ইত্যাদি) আছে৷ এইবিলাক কিদৰে আৰু কিমান দিনৰ ভিতৰত সম্পূর্ণ সুস্থ অৱস্থালৈ আনিব পাৰি, বংশগত ৰোগৰ ভয়াৱহতা, গর্ভপাত হ’ব পৰাৰ সম্ভাৱনা বা নহ’বৰ বাবে ল’ব লগা সাৱধানতা ইত্যাদি৷
এইটো সাক্ষাততেই ৰোগীক ৰুবেলা আৰু হেপাটাইটিছৰ প্রতিষেধক দিয়া হয়৷ ফলিক এচিড নামৰ ভিটামিন ঔষধটোও গর্ভধাৰণ কৰাৰ এমাহৰ আগৰ পৰা দিয়া হয়৷
নিজৰ কিছু পৰিকল্পনা
প্রসূতি বিশেষজ্ঞৰ পৰামর্শৰ ওপৰত নির্ভৰ কৰি এতিয়া সম্ভাব্য মাতৃগৰাকীয়ে গর্ভধাৰণ কৰিব বিচৰাৰ পৰিকল্পনাটো আকৌ এবাৰ চিন্তা কৰি ল’ব পাৰে৷ একান্ত নিজাববীয়াকৈ বিবেচনা কৰিবলগা কথাকেইটা হৈছে–
– তেওঁ বাৰু শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে প্রস্তুত হৈছেনে?
– চাকৰিৰ হেঁচা, পৰীক্ষা ইত্যাদিৰ কথাবিলাক ভালকৈ হিচাপ–নিকাচ কৰি লৈছেনে?
– স্বামীৰ লগত আটাইবোৰ কথা খৰচি মাৰি পাতিছেনে?
– পৰিয়ালৰ লগত একা?
– স্বামী আৰু পৰিয়ালে প্রয়োজনীয় সর্বতোপ্রকাৰ সহায়–সহযোগ কৰিবলৈ প্রস্তুত হৈছেনে?
– প্রয়োজনীয় টকা–পইচাৰ যা–যোগাৰ হৈছেনে?
আটাইবোৰ কথা ভালদৰে পৰিকল্পনা কৰি লওক৷ সেইবুলি দুশ্চিন্তা নকৰিব৷ সুপৰিকল্পনাৰ কথাহে কৈছেছা৷ সুপৰিকল্পনাই সকলোকে সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰি সফলতাৰ দিশলৈ আগবাঢ়ি যোৱাত সহায় কৰে৷
গর্ভাৱস্থাৰ যতন
নিয়মীয়াকৈ হৈ থকা ঋতুস্রাৱ যদি কেতিয়াবা বন্ধ হয় আৰু গর্ভৱতী হোৱা বুলি সন্দেহ হয়, তেতিয়া প্রস্রাৱৰ নির্দিষ্ট পৰীক্ষা কৰিলেই গর্ভৱতী হোৱা–নোহোৱা নিশ্চিত হ’ব পাৰে৷ কিছুমান পৰিস্থিতিত আকৌ পৰীক্ষা নকৰাকৈ গর্ভৱতী হোৱা বুলি গম পাবলৈ অসুবিধা হ’ব পাৰে, যেনে– কেঁচুৱাক গাখীৰ খুৱাই থকা কালত, গর্ভপাত হোৱাৰ পিছৰ সময়ছোৱাত বা অনিয়মীয়া ঋতুস্রাৱ হ’লে৷ সি যি কি নহওক, গর্ভৱতী হোৱা বুলি সন্দেহ বা গম পোৱাৰ লগে লগেই প্রসূতি বিশেষজ্ঞৰ ওচৰ চাপক আৰু তেওঁৰ পৰামর্শ মানি চলিব লাগে৷ সাধাৰণতে চিকিৎসকে গর্ভৱতী মহিলাক প্রথম ২৮ সপ্তাহলৈ মাহেকত এবাৰকৈ, পৰৱত্ ৮ সপ্তাহত মাহেকত দুবাৰকৈ আৰু তাৰ পিছত প্রসৱৰ সময়লৈকে সপ্তাহত এবাৰকৈ স্বাস্থ্য পৰীক্ষাৰ বাবে মাতিব৷
কিন্তু মাতৃগৰাকীৰ গর্ভাৱস্থা যদিহে কোনোধৰণৰ জটিলতাৰ ভিতৰত পৰে, তেন্তে সঘনাই স্বাস্থ্য পৰীক্ষাৰ বাবে মাতিব পাৰে বা কেতিয়াবা বহু আগতীয়াকৈ চিকিৎসালয়ত ভর্তি কৰিব পাৰে বা টার্চিয়াৰি কেয়াৰ চেণ্টাৰলৈ পঠিয়াব পাৰে৷ আনহাতে, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ উপৰি তলত দিয়া ৱার্নিং ছাইনবিলাক লক্ষ্য কৰিলে মাতৃগৰাকী অনতিপলমে ডাক্তৰৰ কাষ চাপিব৷

ডাঃ নিখিল ৰঞ্জন ৰাজখোৱা

You May Also Like

More From Author