চুলি সৰা সমস্যা এতিয়া ঘৰে ঘৰে। পাৰ্লাৰলৈ গৈ পুৱা–গধূলি বহি থাকিও লাভ নোহোৱা হৈছে। হাজাৰ হাজাৰ টকা খৰচ কৰি এণ্টি হেয়াৰফল থেৰাপি, স্পা কৰিও চুলিৰ অৱস্থা ঘূৰি অহা নাই। কিন্তু আপোনাৰ জীৱনশৈলীত সামান্য পৰিৱৰ্তনে এই যথেষ্ট সকাহ দিব এই সমস্যাত।
সুষম আহাৰ চুলিৰ সমস্যা দূৰ কৰাৰ বাবে অতি প্ৰয়োজনীয়। প্ৰচূৰ পৰিমাণে প্ৰটিন খাব লাগিব। মাছ, মাংস, বাদাম, জামু, সেউজীয়া শাক–পাচলি বেছিকৈ খাওক। চুলি সৰা হ্ৰাস কৰিবলৈ বা নতুন চুলি গজিবলৈ বায়’টিন, ভিটামিন এ, বি, বিটা কেৰটিন খাব পাৰে। কিন্তু চিকিৎসকৰ পৰামৰ্শ অতি প্ৰয়োজনীয়।
অতিৰিক্ত ৰাসায়নিক দ্ৰব্য থকা চেম্পু ব্যৱহাৰ কৰা বন্ধ কৰক। এইক্ষেত্ৰত ভেষজ চেম্পু ব্যৱহাৰ কৰিব পাৰে।
আধুনিক জীৱনত বহু শাৰীৰিক সমস্যাৰ উপৰি থাকে অতিৰিক্ত মানসিক চাপ। এই চাপো হ’ব পাৰে আপোনাৰ চুলি সৰাৰ অন্যতম কাৰণ। নিয়মিত শৰীৰচৰ্চা কৰিলে ষ্ট্রেচ লেভেল নিয়ন্ত্ৰণত ৰাখিব পাৰি।
গৱেষণাত দেখা গৈছে যে ধূমপানৰ ফলত চুলিৰ ডিএনএ ভাঙি যায়, চুলিৰ বৃদ্ধি কমি যায়। শৰীৰৰ আন সমস্যাৰ লগতে ধূমপানৰ ফলত চুলি সৰাৰ সমস্যাও দেখা দিয়ে।
শুনিলে আচৰিত হ’ব যে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি চুলিৰ বাবে ক্ষতিকাৰক। বহু সময় ৰ’দত থাকিলে চুলিৰ প্ৰটিন ভাঙি যায়। ফলত চুলিৰ গুণগত মান নষ্ট হয়। সেয়েহে ৰ’দত ওলালে এটা টুপি পিন্ধিলে এই সমস্যাৰ পৰা কিছু সকাহ পাব পাৰি। তদুপৰি চুলিৰ নানা ষ্টাইলৰ বাবে বজাৰত এতিয়া নানা যন্ত্ৰ–পাতি উপলব্ধ। ষ্ট্রেটনাৰৰ দৰে যন্ত্ৰ চুলিৰ বাবে ক্ষতিকাৰক।