শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ ?

0 min read

দেশৰ আটাইতকৈ ডাঙৰ এজন উদ্যোগী, যাৰ ছত্ৰছায়াত লাখ লাখ মানুহে সপোন দেখে। সমাজৰ হকে যাৰ অবদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। শেহতীয়াভাৱে অসমতো প্ৰায় ৭খনকৈ কৰ্কট ইনষ্টিটিউট প্ৰদান কৰা এই বিশেষ ব্যক্তিগৰাকীয়ে হৈছে ৰতন টাটা। তেওঁৰ নাম নজনা বা তেওঁৰ বিষয়ে নজনা মানুহ সমগ্ৰ পৃথিৱীতে বিৰল। কিন্তু আশ্চৰ্যজনক কথাটো এয়ে যে ইমান ডাঙৰ ব্যৱসায়ী হৈয়ো তেওঁৰ নাম পৃথিৱীৰ ধনী মানুহৰ তালিকাত পোৱা নাযায়। পৃথিৱীৰ প্ৰেক্ষাপটত বাদেই ৰতন টাটাৰ নাম ভাৰতৰ শীৰ্ষ ১০০ ধনী ব্যক্তিৰ তালিকাতো নাই।

বিগত ৬০ বছৰ ধৰি আলপাইনৰ পৰা বিমানলৈকে সকলোতে আধিপত্য বিস্তাৰ কৰা কোম্পানীৰ মালিকেই কিয় ভাৰতৰ ধনী ব্যক্তিৰ দৌৰত চামিল হ’ব পৰা নাই। প্ৰকৃততে ছেন্সৰ ৬৬ শতাংশ ইকুইটি পোনপটীয়াকৈ টাটা ট্ৰাষ্টৰ হাতত আছে। এই ট্ৰাষ্ট একাউণ্টত টাটা এণ্ড ছেন্সৰ লাভৰ অংশ পোনপটীয়াকৈ জমা কৰা হয়। ইয়াৰ পৰাই কৰ্মৰত কৰ্মচাৰীৰ দৰমহাকে ধৰি লাখ লাখ লোকক সেৱা আগবঢ়োৱা হয়। তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে এই ধন কেৱল ভাৰততেই নহয়, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনলৈও অনুদান হিচাপে পঠিওৱা হয়।

আনহাতে ৰতন টাটাৰ ব্যক্তিগত আয় কিমান? ৰতন টাটাৰ আয় সম্পৰ্কে জানিবলৈকো বহুতেই আগ্ৰহ প্ৰকাশ কৰে। টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ দৈনিক আয় প্ৰায় ১৮৭৩৯ টকা বুলি তেওঁৰ সৈতে ওতপ্ৰোতভাৱে জৰিত হৈ থকা এক সূত্ৰই প্ৰকাশ কৰিছে। এদিনৰ আয় যদি চোৱা হয় তেন্তে তেওঁৰ প্ৰতি ঘণ্টাৰ আয় ৭৮০ টকা আৰু মাহিলী আয় ৫.৭ লাখ টকা। যিটো তুলনামূলকভাৱে দেশৰ যিকোনো ক্ষুদ্ৰ ব্যৱসায়ীতকৈ কম।

You May Also Like

More From Author