দেউতা হোৱাৰ উচিত বয়স জানি থওঁক লগতে আৰু কিছু পৰামৰ্শ।

1 min read

মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক।

বয়সৰ লগে লগে পুৰুষৰ শুক্ৰাণুৰ সম্পূৰ্ণ পৰিবৰ্তন হৈ গৈ থাকে আৰু সেইসমূহ হৈছে জেনেটিক পৰিৱৰ্তন। যদিও স্বাস্থ্য ভালে থাকিলে পুৰুষৰ দেহত গোটেই জীৱন শুক্ৰাণু তৈয়াৰী হৈ থাকে তথাপিও লাখ টকীয়া প্ৰশ্ন যে বেছি বয়সৰ লোকৰ শুক্ৰাণুৰে জন্ম হোৱা শিশুৰ ক্ষতি হ’ব নেকি, নাইবা সেই শুক্ৰাণুৰ দ্বাৰা বিকলাংগ শিশুৰ জন্ম হ’ব পাৰে নেকি ?

অকৰ্মণ্য শুক্ৰাণু / ক্ষতিকৰ শুক্ৰাণু :-

বয়সৰ লগে লগে শুক্ৰাণুৰ নানান পৰিৱৰ্তন আহে বিশেষকৈ জেনেটিক পৰিৱৰ্তন। বয়সৰ লগে লগে দেহৰ কোষ সমূহৰ প্ৰাণকেন্দ্ৰ ডি এন এ সমূহ ক্ষতিগ্ৰস্ত হয় আৰু সেই ক্ষতিগ্ৰস্ত ডি এন এ ৰ পৰা জন্ম হোৱা শুক্ৰাণুৰ দেহত পৰিৱৰ্তন দেখা যায়, শুক্ৰাণুৰ কাৰ্যকাৰী গুণ লোপ হয়, সেই শুক্ৰাণুয়ে সন্তান জন্ম দিয়া গুণ হেৰুৱাই আৰু কেতিয়াবা জন্ম দিয়ে অসুস্থ শিশুৰ ; সেই শিশুৰ বৃদ্ধি আৰু বিকাশৰ সমস্যাৰ লগতে স্নায়ুৰ সমস্যাই দেখা দিব পাৰে। ২০১০ চনৰ এক গৱেষণাত প্ৰকাশ যে সন্তান জন্মৰ সময়ত পিতৃৰ বয়স চল্লিছৰ অধিক হলে সেই সন্তানৰ অটিজীম হোৱাৰ আশংকা প্ৰায় পাঁচ গুণ বৃদ্ধি হয়। ৪৫ বছৰৰ পিছত গৰ্ভস্থ হলে বাঢ়ে গৰ্ভপাতৰ আশংকা লাগিলে মাতৃৰ বয়স যিয়ে নহওঁক। বিশেষজ্ঞৰ মন্তব্য অনুসৰি নিৰ্বিঘ্নে সুস্থ্য সন্তান জন্ম দিবলৈ উত্তম বয়স হৈছে ২২ -২৫ বছৰ। এই সময়ছোৱাত পুৰুষৰ বায়লজিকেল ক্লক আটাইতকৈ বেছি সচল থাকে।

পুৰুষৰ পুৰুষত্ব আৰু বায়লজিকেল ক্লক :-

কিছুদিন আগলৈকে মানুহৰ বিশ্বাস আছিল যে এই হিচাপৰ অংক মাত্ৰ মহিলাৰ বাবেহে ; সন্তান জন্ম দিব নোৱাৰা আৰু অসুস্থ্য সন্তান জন্ম দিয়াৰ দোষ মাত্ৰ মহিলাৰহে। মানুহৰ বিশ্বাস আছিল যে পুৰুষে যিকোনো বয়সতে সুস্থ সন্তান জন্ম দিব পাৰে। সময়ৰ লগতে এই বিশ্বাসৰ সলনি হৈ পৰিল। বিজ্ঞানী সকলে প্ৰমাণ কৰিলে যে সুস্থ সন্তান জন্ম দিয়াৰ বাবে নাৰী আৰু পুৰুষৰ ভূমিকা সমানে থাকে। মহিলাৰ বাবে যি বায়লজিকেল ক্লক নিৰ্ধাৰিত সেই একে বায়লজিকেল ক্লক পুৰুষৰ বাবেও নিৰ্ধাৰিত। এক নিৰ্দিষ্ট বয়সলৈকে পুৰুষৰ শুক্ৰাণুৰ গতি, বল আৰু শক্তিৰ লগতে সংখ্যাৰ ভাৰসাম্যতা থাকে আৰু সেই নিৰ্দিষ্ট বয়সত গৰ্ভধাৰণৰ সম্ভাৱনা বেছি থাকে। আৰু ৩৫ বছৰৰ পিছৰ পৰা সেই গুণসমুহ লাহে লাহে হ্ৰাস হ’বলৈ ধৰে। কেতিয়াবা শুক্ৰাণুৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে, আৰু কেতিয়াবা শুক্ৰাণু নিশকতিয়া হৈ পৰাৰ উপৰিও শুক্ৰাণুৰ গতি হ্ৰাস হৈ নিৰ্দিষ্ট সময়ত লক্ষ্যস্থানত উপস্থিত হ’বলৈ সক্ষম নোহোৱা হৈ পৰে। যিবোৰ কাৰণৰ ফলত গৰ্ভধাৰণ ক্ষমতা লোপ হয়।

পিতৃত্বৰ উচিত বয়স :- আমাৰ দেশৰ বিধি অনুসৰি বেছিভাগ ক্ষেত্ৰতে যিহেতু পিতৃয়ে সমস্ত পৰিয়ালৰ ভৰন পোষণৰ দায়িত্ব লব লাগে সেয়ে ২০ – ২৫ বছৰৰ ভিতৰত সন্তান জন্ম দিয়া সম্ভৱ নহয়। লগতে আছে বহু অসুবিধাও। জাৰ্নেল অফ এপিডেমলগী এণ্ড কমিউনিটি হেলঠ ৰ এটি লেখাত বিজ্ঞানীসকলে জনাইছে যে ২৫ ৰ আগত সন্তান জন্ম দিলে নানা ধৰণৰ জটিল অসুখ বিসুখৰ আশংকা বাঢ়ে পিতৃৰ আৰু তাৰ ফলত পিতৃৰ মৃত্যু হ’ব পাৰে জীৱনৰ মধ্যবয়সতে। সেয়ে বিজ্ঞানীসকলৰ মতামত অনুসৰি ৩০ – ৩৫ বছৰ বয়সৰ ভিতৰত পুৰুষে পিতৃ হোৱাৰ উত্তম সময়।

ভুল জীৱন যাপনৰ সৈতে পুৰুষ বন্ধ্যাত্বৰ সম্পর্ক :-

পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ সুষম আহাৰ গ্ৰহণ নকৰি অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ আভাস থাকিলে বিপদ পদে পদে লগতে বন্ধ্যাত্বৰ আশংকা ঘনীভূত হয়। এন্টী অক্সিডেন্ট সমৃদ্ধ খাদ্য সেৱন কৰিলে এই সমস্যাৰ পৰা দূৰৈত থাকিব পাৰি। হিচাপৰ আমিষ প্ৰটিন খোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ নিৰামিষ প্ৰটিন খোৱা উপকাৰী। প্ৰচেছ্ কৰি পেকেটত ৰখা খাদ্যৰ তুলনাত ঘৰতে প্ৰস্তুত কৰা ফ্ৰেছ্ খাদ্য উপকাৰী।

ধূম্ৰপান কৰিলে শুক্ৰাণুৰ গুণগত মানমণ্ড হ্ৰাস হোৱাৰ উপৰিও শুক্ৰাণুৰ সংখ্যা হ্ৰাস হয় আৰু শুক্ৰাণুৰ চলন ক্ষমতা লোপ পাই। মাজে মাজে অলপ মদ্যপান কৰিলে বিশেষ সমস্যা নাথাকে যদিও প্ৰতিদিনে প্ৰচুৰ পৰিমাণে মদ্যপান কৰিলে মেদবহুলতা হয় আৰু বন্ধ্যাত্বৰ আশংকা আহে পুৰুষৰ। ড্ৰাগছৰ নিচাৰ কথা কৈ শেষ কৰিব নোৱাৰি; এই আসক্তিৰ ফলত দেহত আন আন সমস্যা দেখা দিয়াৰ উপৰিও গৰ্ভধাৰণৰ সমস্যাও সৃষ্টি হয় আৰু যদিওবা সন্তান জন্ম হয় সেই সন্তানৰ জন্মগত ক্ৰুটি থকাৰ আশংকা আহে।

অত্যাধিক মানসিক চাপত থকা মানুহে অস্বাস্থ্যকৰ জীৱন যাপন আৰম্ভ কৰে আৰু তাৰ ফলত শুক্ৰাণুৰ ওপৰত প্ৰভাৱ পৰে।

স্ক্ৰোটাম এলেকাৰ উষ্ণতা বৃদ্ধি হৈ থাকিলেও সমস্যাৰ সৃষ্টি হ’ব পাৰে । স্ক্ৰোটাম এলেকাৰ উষ্ণতা কিছু কম হৈ থকা দৰকাৰী। দিনৰ দিন টান অন্তৰ্বাস পিন্ধি বাইক চাইকেল চলাই ফুৰিলে, অত্যাধিক গৰম পৰিবেশত কাম কৰিলে প্ৰভাৱিত হয় শুক্ৰাণু।

 

এই সমস্যাৰ বাবে পৰীক্ষা নিৰীক্ষা :- একেৰাহে ছমাহ চেষ্টা কৰাৰ পিছতো যদি গৰ্ভধাৰণ নহয় তেতিয়া নিশ্চয়কৈ স্বামী স্ত্ৰী উভয়ে বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰী। চিকিৎসকে প্ৰথমে সমস্যাৰ বুজ লৈ পৰীক্ষা নিৰীক্ষা কৰিব । আৰু পুৰুষৰ বাবেও শুক্ৰাণুৰ পৰীক্ষা অত্যন্ত প্ৰয়োজনীয়। লগতে পুৰুষৰ হৰমনৰ পৰীক্ষা কৰি চিকিৎসা কৰিলে সুফল নিশ্চয় পাব।

You May Also Like

More From Author