কুকুৰক উপাসনা কৰা দেশখনৰ আজৱ নিয়ম !

1 min read

হিন্দুসকলৰ মুখ্য উৎসৱ দেৱালী ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে। সকলোৱে ইশ্বৰৰ উপাসনা কৰাৰ লগতে, আনন্দ কৰিছে। ইয়াৰ মাজতে এনে এখন দেশ আছে য’ত এই উৎসৱৰ সময়ত কুকুৰক উপাসনা কৰা হয়। ‘কুকুৰ তিহাৰ’ নামৰ উৎসৱটো দৰাচলতে, নেপালত পালন কৰা হয়। এই উৎসৱ নেপালত পাঁচ দিনীয়াকৈ উদযাপন কৰা হয়। তিহাৰ উৎসৱ ২৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। এই উৎসৱত কুকুৰক মানুহৰ আনুগত্যৰ বাবে স্বৰ্গদূত হিচাপে উপাসনা কৰা হয়। কুকুৰ তিহাৰ উৎসৱত কুকুৰক তিলক লগাই মালা পিন্ধাই আৰতি কৰি বহুতো ব্যঞ্জন খাবলৈ দিয়া হয়।

এই কুকুৰ তিহাৰৰ সময়ত নেপালৰ লোকসকলে কুকুৰক প্ৰাৰ্থনা আৰু সন্মান প্ৰদান কৰে। এই দিনটোত সৰু ল’ৰা ছোৱালীকে ধৰি সকলো লোকে কুকুৰক আদৰ কৰে আৰু সিঁহতক গাখীৰ, কণী আদি সুস্বাদু বস্তু খুৱায়। এই উৎসৱত স্থানীয় লোকে নহয়, বৰঞ্চ পৰ্যটকসকলেও এই উৎসৱত অংশগ্ৰহণ কৰে।

প্ৰকৃততে কুকুৰ তিহাৰ উদযাপন কৰাৰ সৈতে এক বিশ্বাস জড়িত হৈ আছে। কুকুৰক মৃত্যুৰ দেৱতা যমৰাজৰ বাৰ্তাবাহক বুলি বিশ্বাস কৰে স্থানীয় লোকসকলে আৰু এই দিনবোৰত মানুহে যমৰাজক সন্তুষ্ট কৰিবলৈ মানুহৰ আটাইতকৈ বিশ্বাসী বন্ধু কুকুৰক উপাসনা কৰে। আনহাতে, বিশেষজ্ঞসকলে কয় যে এই উৎসৱৰ জৰিয়তে এইটো বাৰ্তা দিয়া হৈছে যে মানুহে প্ৰতিটো জন্তুক মৰম কৰা উচিত, আনকি ই কুকুৰ তাক সমানে মৰম কৰা উচিত।

You May Also Like

More From Author