দৈনিক এটাকৈ তিয়ঁহ খালে দেহত কি হব ?? চিকিৎসক দূৰৈত থাকিব

1 min read

দৈনিক এটাকৈ তিয়ঁহ খালে দেহত কি হব ??

বৈজ্ঞানিক সকলৰ মতে প্ৰকৃততে তিঁয়হ এবিধ উৎকৃষ্ট আৰু ঠাণ্ডা ফল।

তিঁয়হ আচলতে ফলহে যদিওবা পাচলি হিচাপে ব্যৱহাৰ হৈ অহাটো সৰ্বজন বিধিত।

 

প্ৰতিদিনে যদিহে আপুনি এটাকৈ তিঁয়হ সেৱন কৰে নিশ্চিত ভাবে আপুনি চিকিৎসকৰ পৰা বহু দূৰৈত থাকিব পাৰিব।

তিঁয়হৰ পৰা দেহত সাধিত হব উপকাৰ সমূহ :

১) তিঁয়হত যথেষ্ট পৰিমানৰ প্ৰায় ৯৫% পানী থাকে সেয়ে দেহত পানীৰ অভাৱ দূৰ হয়।
দেহত প্ৰয়োজন হোৱা পানীৰ ৪০% খোৱা খাদ্যৰ পৰাই পূৰণ হয়। ফলত তেজৰ আম্লিক অৱস্থা হ্ৰাস কৰা লগতে দেহত শক্তিৰ যোগান ধৰাত সহায়ক হয়।

২) দেহত প্ৰয়োজন হোৱা বহুতো পোষক দ্ৰব্য ৰ যোগান ধৰিব তিঁয়হে । তিঁয়হৰ কেলৰি বহুত কম কিন্তু খনিজ লৱন আৰু ভিটামিন যথেষ্ট পৰিমানে থাকে।

তিয়ঁহত ফাইবাৰ, কাৰ্বহাইড্ৰেট, প্ৰটিন , ভিটামিন C, K আৰু B , পটাচিয়াম, মেন্গানিজ, কপাৰ , আইৰণ, জিংক , টেনিন, ফ্লেভূনৈদছ, ৰিবফ্লেবিন, এন্টী-অক্সিডেন্ট আৰু মেগনেচিয়াম প্ৰচুৰ পৰিমাণে ভৰপূৰ হৈ থাকে।

৩) মগজুৰ অৱসাদ দুৰ হয় তিঁয়হ খালে আৰু অনিদ্ৰাও দূৰ হয়।

৪) দেহৰ ওজন হ্ৰাস হয় যিহেতু ফাইবাৰ বেছিকৈ আৰু চৰ্বি কম থাকে তিঁয়হত।

৫) দাঁত আৰু মুখৰ বেয়া গোন্ধ নাইকিয়া হয়। মুখৰ ভিতৰত ঘটিব পৰা বেক্টেৰিয়াৰ আক্ৰমণ ৰোধ হয় তিঁয়হ খালে।

৬) তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয় তিঁয়হ খালে। দেহৰ কোষৰ অতিৰিক্ত ক্ষয় নিয়ন্ত্ৰণ হয়।

৭) ৰক্ত সঞ্চালন নিয়ন্ত্ৰণ হয় তিঁয়হ খালে ফলত উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

৮) তিঁয়হত চিলিকা থাকে বাবে চুলি আৰু নখৰ বাবেও পুষ্টিদায়ক।

৯) তিঁয়হত থকা পটাচিয়ামে হৃদযন্ত্ৰ মজবুট কৰি ৰাখিবলৈ সক্ষম।

১০) তিঁয়হত থকা এন্টী অক্সিডেন্ট সমূহৰ বাবে তিঁয়হ খালে হাওফাঁও , যকৃত আৰু কিডনী ৰ জটিল ৰোগৰ পৰা দূৰৈত থাকিব পাৰি। তিঁয়হত থকা টানিন আৰু ফ্লেভূনৈডছে দেহৰ কোষত জমা হৈ থকা বিষাক্ত দ্ৰব্য সমূহ নিষ্কাষণত সহায় কৰে ।

১১) তিঁয়হ খালে কেতিয়াও কোষ্ঠ কাঠিন্য সমস্যা নহয়।

গতিকে প্ৰতিদিনে এটাকৈ তিঁয়হ খাওক আৰু সুস্থ থাকক।

You May Also Like

More From Author