ধনৰ দেৱী মা লক্ষ্মীৰ কৃপাৰে আমি খাদ্য গ্ৰহণ কৰোঁ আৰু মা লক্ষ্মীক আমি খাদ্যৰ প্ৰতীক ৰূপেও প্ৰাৰ্থনা কৰোঁ ।সাধাৰণ ভাষাত খাদ্যই মই ভোক নিবাৰণ কৰে লগতে বৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি মানৱ জীৱনৰ বৃদ্ধিত এক ইন্ধনৰূপেও খাদ্যই কাম কৰে। উদ্ভাৱনৰ অনুঘটক সু-খাদ্য হৈছে সুস্থিৰৰূপে জীয়াই থকাৰ অন্যতম মাধ্যম।তদুপৰি খাদ্যগ্ৰহণ কৰি থকা সময়তে আমাৰ সকলো ধনাত্মক আৰু ঋণাত্মক কৰ্মৰ ওপৰতে গৃহত মা লক্ষ্মীৰ গৃহলৈ আগমন মা লক্ষ্মীৰ গৃহ পৰিত্যাগ নিৰ্ভৰশীল হৈ থাকে।আমাৰ এনে কৰণীয়সমূহৰ বিজ্ঞানসন্মত দিশটো চালি-জাৰি চালে দেখা পোৱা যায় যে কেৱল নীতি-ৰীতিৰ মাজতে সীমাবদ্ধ নহয় লগতে আমাৰ গৃহকৰ্মসমূহৰো কিছু বিজ্ঞানসন্মত দিশ আছে ।এই বিজ্ঞানসন্মত দিশবোৰৰ ওপৰতে নিৰ্ভৰ কৰে মানুহৰ শৰীৰ মন আৰু ধৰ্মৰ লগত জড়িত দৃষ্টিভঙ্গী আৰু গুণবোৰ। সেয়েহে খাদ্য গ্ৰহণ সময়ত প্ৰতিটো সময়তে কিছু কথা
মন দিয়া অতি প্ৰয়োজন।তেনে দিশবোৰ হল:-
১) সুস্থ অৱস্থাত ভৰি জোকাৰি খাদ্য গ্ৰহণ কৰাটো অতি অমংগল বুলি ধৰা হয়।সেয়েহে খাদ্যৰ গ্ৰহনত ভৰি জোকাৰি থাকিব নালাগে তেনে কৰিলে মা লক্ষ্মী অতিষ্ঠ হৈ পৰে। লগতে মা লক্ষ্মী অতিষ্ঠ হলে জীৱনত অলেখ কষ্টই গা কৰি উঠে আৰু সংসাৰলৈ অন্ধকাৰৰ নিজৰা বোৱাব পাৰে।এইক্ষেত্ৰত বিজ্ঞানসন্মত দিশটো চালে গম পোৱা যায় যে ভৰি জোকাৰি খাদ্য খালে খোৱা খাদ্যবোৰ নলীৰে ভালদৰে গতি কৰিব নোৱাৰে আৰু দেহৰ বাবে পৰিপক্ক নহয়,যাৰ ফলত আৰম্ভ হয় বদহজমৰ। ইয়াৰ ফলত উৎপত্তি হয় পেটৰ সমস্যাৰ।সেয়েহে শাস্ত্ৰই নিষেধাজ্ঞা প্ৰদান কৰি কৈছে যে খাদ্য গ্ৰহণৰ কৰি থাকোতে ভৰি জোকাৰি থাকিলে মা লক্ষ্মীয়ে গৃহলৈ গতি নকৰে।
২) খোৱা বাচনত খাদ্য সম্পূৰ্ণ নকৰাকৈ ঠাই ত্যাগ কৰা কথাই খাদ্যক অপমান কৰাটোকে সূচায়। সেয়েহে সম্পূৰ্ণকৈ খাদ্য সমাপ্ত নকৰি আধাপেট খাদ্যৰে কেতিয়াও উঠি আহিব নালাগে। এনে কামবোৰ সোনকালে সোনকালে হৈ থাকিলে সংসাৰত অমংগলে বাঁহ হল।কাৰণ এনে কু-কৰ্মৰ ফলতে মা লক্ষ্মীয়ে পৰিয়ালৰ প্ৰতি অসন্তুষ্ট হৈ পৰে । বিজ্ঞানৰ মতে খাদ্য গ্ৰহণৰ সময়ত মানৱ দেহৰ লৰা লেলাউটি লেলাউটি নিৰ্গত হয় আৰু সেই লেলাউটিয়ে খাদ্যত লগ লাগি হজমত সহায় কৰে।সেয়েহে ৰৈ ৰৈ খাদ্য গ্ৰহণ কৰি থাকিলে শৰীৰৰ দৰকাৰী পদাৰ্থবোৰে ওলোটা প্ৰতিক্ৰিয়া চমুকৈ উদৰশূল , বদহজম,পেটৰ অসন্তুলন আদিৰ দৰে ৰোগৰ সৃষ্টি কৰে।
৩) খোৱাৰ সময়ত কেৱল ফটা কাপোৰ, পুৰণি গামোচা , চুটি বস্ত্ৰ পৰিধান কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়।কাৰণ ইয়াৰ দ্বাৰা মা-লক্ষ্মী অতিষ্ঠ আৰু অপমানিত হয় সংসাৰত অভাৱৰ উভৈনদী হয়। তদুপৰি এই কৰ্মই মা-লক্ষ্মীৰ সন্মানত আঘাত দিয়ে সেয়েহে উপাৰ্জন কৰি গলেও ভৱিষ্যতত অভাৱে কেতিয়াও মেলানি নামাগে।
৪) খাদ্য খোৱা সময় নিশ্চিত মানে খাদ্য খোৱা দৰকাৰ।খাদ্য আগত ৰাখোঁ খাব এৰি চিন্তা কৰি সময় শেষ কৰাটো অতি অশুভ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ঘৰলৈ অভাৱ আৰু নাটনিয়ে বাট বুলাই।
৫) খাদ্য খোৱাৰ সময়ত সেৱন কৰা পানীক একপ্ৰকাৰ বৰবিহ বুলি গণ্য কৰিব পাৰি। এইক্ষেত্ৰত ধাৰ্মিক কোনো দৃষ্টিভঙ্গী নাই যদিও মনত ৰাখিব লাগে যে খাদ্য গ্ৰহন কৰি উঠাৰ আধা ঘণ্টা পিছতহে পানী সেৱন কৰা দৰকাৰ। নহলে শৰীৰৰ অৱনতি হব পাৰে।আকৌ বৈজ্ঞানিকভাবে কব হলে খাদ্য গ্ৰহণৰ সময়ত সঘনে পানী পান কৰিলে খাদ্য হজম হবলৈ দৰকাৰী পদাৰ্থ নি:সৰন নহয়। লাহে লাহে আৰু হিচাপে অনুযায়ী চোবাই খাদ্য খালে পানীৰ প্ৰয়োজন অনুভৱ নহয়।সেয়েহে আহাৰ গ্ৰহণৰ প্ৰায় ১ঘণ্টা পূৰ্বে পানী পান কৰাৰ লগতে আহাৰ গ্ৰহণৰ কমেও এক ঘন্টা পিছতহে পানী পান কৰা দৰকাৰ।
কিন্তু ডিঙিত খাদ্যই বেমেজালি কৰিলে সামান্য পানী সেৱন কৰা দৰকাৰী অন্যথা তেনে সময়তে বহুলোকে মৃত্যু পৰ্যন্ত গাত পাতি লোৱা দেখা পাওঁ।
৬)শেষত খাদ্য গ্ৰহণৰ পূৰ্বতে পৰিস্কাৰ, পৰিচ্ছন্ন হৈ চাবোনেৰে ধুইহে সেৱা কৰি লাহে লাহে খাদ্য খোৱাটো আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ।অনাহকত খাদ্য খৰছ কৰি নষ্ট কৰিলে অতি সোনকালে আহিবলগীয়া প্ৰজন্মটোৰ বাবে খাদ্য বাছি নাথাকিব আৰু দুৰ্ভিক্ষই দেখা দিব।