স্মাৰ্টফোনৰ বেটাৰী বেকআপ্‌ বঢ়াব পাৰি এইবোৰ উপায়েৰে

1 min read

কোনবিধ স্মাৰ্টফোনৰ বেটাৰী বেকআপ কেনেকুৱা সেয়া পৰীক্ষা কৰিহে আজিকালি গ্ৰাহকে ফোন ক্ৰয় কৰে৷ কিয়নো আজি-কালি দিনটোৰ কাম-কাজৰ অধিকাংশই নিৰ্ভৰ কৰা হয় স্মাৰ্টফোনটোৰ ওপৰত৷ সেয়ে অলপ সময় চাৰ্জ দিলেই যিটো ফোনৰ বেটাৰী বেকআপ বহুসময়লৈ পোৱা যায় সেই ফোনটোহে গ্ৰাহকে পছন্দ কৰে৷ সাধাৰণতে যিবোৰ ফোনৰ বেটাৰীৰ এম এ এইচ ৰেটিং বেছি, সেইবোৰ ফোনৰ বেটাৰী বেকআপ উৎকৃষ্ট বুলি কোৱা হয়৷ কিন্তু এনে ৰেটিং নথকা ফোনৰো বেটাৰী বেকআপ বৃদ্ধি কৰাৰ উপায় আছে৷ উল্লেখ কৰা হ’ল স্মাৰ্টফোনৰ বেটাৰীৰ বেকআপ বৃদ্ধি কৰাৰ কেইটামান সহজ উপায়–

[১] লাইভ ওৱাল পেপাৰঃ ফোনত লাইভ ওৱাল পেপাৰ ব্যৱহাৰ কৰিলে সোনকালেই বেটাৰীৰ চাৰ্জ হ্ৰাস পায়৷ সেয়ে বেটাৰী বেকআপ ভালে ৰাখিবলৈ ইউজাৰসকলে লাইভ ওৱাল পেপাৰৰ ব্যৱহাৰৰ পৰা আঁতৰি থকা উচিত৷

[২] স্ক্ৰীণ ব্ৰাইটনেছঃ ম’বাইল ফোনৰ স্ক্ৰীণৰ ব্ৰাইটনেছ যিমানেই কমাই ৰখা যায়, সিমানে ভাল৷ স্ক্ৰীণৰ ব্ৰাইটনেছ কমাই ৰাখিলে বেটাৰী সোনকালে শেষ নহয়৷ কিন্তু ফোনটোৰ স্ক্ৰীণৰ ব্ৰাইটনেছ বা উজ্জ্বলতা যদি বঢ়াই ৰাখে, তেন্তে বেটাৰীৰ চাৰ্জ শীঘ্ৰে কমিবলৈ ধৰে৷ সাধাৰণতে স্মাৰ্টফোনত অট’ ব্ৰাইটনেছ অপশ্বন থাকে৷ এই ফিচাৰৰ সহায়ত ফোনটোৰ স্ক্ৰীণৰ ব্ৰাইটনেছ এডজাষ্ট কৰিব পৰা যায়৷

[৩] ৱাই-ফাই, ব্লু টুথঃ অকাৰণতে ফোনত ৱাই-ফাই, ব্লু টুথ বা এন এফ চি ফিচাৰ কেতিয়াও অন কৰি নাৰাখিব৷ ইয়াৰ ফলত ফোনৰ চাৰ্জ সোনকালে হ্ৰাস পায়৷ বিশেষকৈ যিবোৰ

ঠাইত ফোনৰ নেটৱৰ্ক বা নেট কানেকশ্বন অতি বেয়া, সেইবোৰ ঠাইত ফোনটোৰ ডাটা অন হৈ থাকিলেও বেটাৰীৰ চাৰ্জ কমে৷ ব্লু টুথ আৰু এন এফ চি ফিচাৰেও ফোনৰ চাৰ্জ কমায়৷

[৪] পুশ্ব নটিফিকেশ্বনঃ ফোনটোত যদি পুশ্ব নটিফিকেশ্বন অন কৰা আছে, তেন্তে শীঘ্ৰে সেয়া বন্ধ কৰক৷ নহ’লে বেটাৰীৰ ভাল বেকআপ নাপাব৷ কিয়নো ফোনত পুশ্ব নটিফিকেশ্বনৰ প্ৰৱেশৰ লগে লগে ফোনটোৰ স্ক্ৰীণখন উজলি উঠে, শব্দ হয় অথবা ভাইব্ৰেশ্বন [যদি ছাইলেণ্ট মুডত থাকে] হ’বলৈ ধৰে৷ ফলত বেটাৰীৰ চাৰ্জ দ্ৰুত হাৰত কমে৷

[৫] এপ ডাউনলোডঃ ফোনটোত কোনো এটা এপ ডাউনলোড কৰাৰ পূৰ্বে এপটোৰ ডাউনলোডৰ ফলত কিমান বেটাৰী খৰচ হ’ব পাৰে সেয়া জানি লওক আৰু সেই অনুসৰিহে এপ ডাউনলোড কৰক৷

[৬] বেটাৰী পেক ক্ৰয় কৰকঃ ফোনটোৰ বেটাৰী ভালে ৰখাৰ বাবে বজাৰত এক্সটাৰ্নেল বেটাৰী বেকআপ কিনিবলৈ পোৱা যায়৷ প্ৰয়োজন হ’লে এনে বেটাৰী বেকআপ ক্ৰয় কৰি লওক৷ তদুপৰি জৰুৰী অৱস্থাত ব্যৱহাৰৰ বাবে পাৱাৰ বেংক ব্যৱহাৰ কৰিব পাৰে৷

You May Also Like

More From Author