Month: January 2023

বায়ু প্রদূষণে বিপদ মাতিছে মাতৃ গর্ভৰ শিশুৰ মস্তিষ্কলৈ

বায়ু প্রদূষণে বিপদ মাতিছে মাতৃ গর্ভৰ শিশুৰ মস্তিষ্কলৈ

বায়ু প্রদূষণ যিমানেই বৃদ্ধি পাইছে সিমানেই হ্রাস পাইছে গর্ভস্থ শিশুসকলৰ মস্তিষ্কৰ বিকাশ৷ গুৰুতৰভাৱে ক্ষতি হৈছে মাতৃ গর্ভত থকা শিশুসকলৰ হাঁওফাঁও আৰু যকৃতৰ৷ চহৰাঞ্চলত দূষিত জলবায়ুৰ বাবে মাতৃ গর্ভত থকা শিশুসকলৰ জীৱনলৈ ভয়াৱহ পৰিস্থিতি নামি আহিব পাৰে বুলি এক গৱেষণা–পত্রত আশংকা কৰা হৈছে৷ অর্থাৎ গর্ভস্থ শিশুৰ শৈশৱ বিপন্ন হ’ব পাৰে অত্যধিক

মচুৰ দাইলৰ উপকাৰিতা কি?

মচুৰ দাইলৰ উপকাৰিতা কি?

সাধাৰণতে খেতিয়কসকলে মুগ, মচুৰ, অৰহৰ, মটৰ আদি বিভিন্ন প্রকাৰৰ দালি খেতি কৰে৷ আটাইকেইবিধ দাইলৰেই পুষ্টিকৰ লগতে উপকাৰী গুণ আছে৷ তাৰ ভিতৰৰে মচুৰ দালিৰ কি কি পুষ্টিকৰ গুণ আছে আমি হুতেই নাজানো৷ হু ছৰৰ আগৰে পৰা মচুৰ দাইল খাদ্যৰূপে গ্রহণ কৰিছিল৷ প্রথমে গ্রীচ, তাৰ পিছত পেলেষ্টাইন, তুক্ আৰু তাৰ পিছত ক্রমে

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য

সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷

টীয়কৰ হাঁহচৰাত কলিয়াপানী সদৌ অসম দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা

টীয়কৰ হাঁহচৰাত কলিয়াপানী সদৌ অসম দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা

খেলৰ প্ৰাকক্ষণত বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনালে সমাজকৰ্মী লাচিত গগৈয়ে। টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত শনিবাৰৰ পৰা হাঁহচৰাত চাৰিদিনীয়াকৈ সদৌ অসম ভিত্তিক প্ৰাইজমণি দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।কালি নিশা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি যোৰহাটৰ এজাৰগুৰি ৰুবুল একাদশ বনাম প্ৰাকজোতিষ একাদশ মাজত অনুষ্ঠিত

চটাইত পুখুৰী সিঁচোতে ওলাল পিষ্টল।

চটাইত পুখুৰী সিঁচোতে ওলাল পিষ্টল।

লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চটাই ঘৰফলীয়াত আজি মাছ ধৰাৰ উদ্দেশ্যে সিঁচা এটা পুখুৰীত এটি পুৰণি পিষ্টল পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় ৷ জানিব পৰামতে গাঁওখনৰ কেইজনমান যুৱকে আজি গাঁৱৰে এটা পুখুৰী সিঁচি মাছ ধৰি থাকোতেই বোকাত এটা মামৰে ধৰা পিষ্টল প্ৰত্যক্ষ কৰে ৷ আচম্বিত হৈ যুৱককেইজনে স্হানীয় লাহদৈগড় আৰক্ষীক বিষয়টো অৱগত