আপুনিও শিৱলিংগত ভুলতে এই কেইপদ সামগ্ৰী অৰ্পন কৰিছে নেকি‌

1 min read

শিৱলিংগত এই কেইপদ সামগ্ৰী অৰ্পণ কৰিব নালাগে! ( Religious Studies )

*কেতেকী ফুল-

শিৱলিংগত কেতেকী ফুল অৰ্পণ কৰিলে-মহাদেৱ অসন্তষ্ট হয়।পৌৰাণিক কথা অনুসাৰে-কেতেকী ফুলে ব্ৰহ্মাই মিছা কথা কোৱাত সহযোগ কৰিছিল।সেইবাবে ক্ৰোধিত হৈ ভগৱান শিৱই কেতেকী ফুলক শাপ দিছিল যে-তেওঁৰ পূজাত কেতিয়াও কেতেকী ফুলৰ ব্যৱহাৰ কৰা নহব।

*শংখ-

মহাদেৱৰ পূজাত শংখ বজোৱা নহয় আৰু শংখৰ দ্বাৰা মহাদেৱৰ জলাভিষেক কৰা নাযায়। পৌৰাণিক কথা অনুসাৰে ভগৱান শংকৰে-শংখচুৰ নামৰ অসুৰৰ বধ কৰিছিল।সেই অসুৰৰ চাই দ্বাৰা শংখৰ উৎপত্তি হৈছিল।

*তুলসী-

ভগৱান শিৱৰ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়।কথা অনুসাৰে ভগৱান শিৱই তুলসীৰ স্বামী জালন্ধৰৰ সংহাৰ কৰিছিল।তেতিয়াই তুলসীয়ে মহাদেৱৰ পূজাৰ সামগ্ৰীৰ পৰা আঁতৰি আহিছিল।   ( Religious Studies )

*কুমকুম বা সেন্দূৰ-

ভগৱান ভোলানাথ বৈৰাগী হয়।যিয়ে নিজৰ শৰীৰত চাই লগায়।কুমকুম বা সেন্দূৰ বিবাহিত মহিলায় লগায়।আৰু পুৰাণৰ অনুসাৰে শিৱ বিনাশক হয়।শাওণ মাহত বা অন্য মাহটো মহাদেৱৰ পূজাত সেন্দূৰ ব্যৱহাৰ কৰিব নালাগে।

*হালধী-

ভগৱান শিৱক বাদ দি-প্ৰায়সকল দেৱী-দেৱতাৰ পূজাত হালধী ব্যৱহাৰ কৰা হয়।হালধীক সৌভাগ্যৰ প্ৰতীক মনা হয়।আৰু শিৱ হৈছে বৈৰাগী।শাস্ত্ৰ অনুসাৰে ভগৱান শিৱক হালধী অৰ্পণ কৰিলে-চন্দ্ৰমা কমজোৰী হয়।

You May Also Like

More From Author