পূৰবী ডেয়ৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ আজি আৰক্ষীৰ এনকাউন্টাৰত নিহত হয়। নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো। বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ।
কিন্তু পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাক দিন দুপৰতে গুলীয়াই হত্যা কৰা শ্বাহ আলম আচলতে কোন আছিল জান আহক-
পাঞ্জাবাৰীৰ এক্সেল একাডেমীৰ (Excel Academy Panjabari) স্বত্বাধিকাৰী আছিল শ্বাহ আলম তালুকদাৰ। আৰু এই শ্বাহ আলমেই ৰঞ্জিৎ বৰাক গুলীয়াই হত্যা কৰিছিল । আৰক্ষীয়ে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাত পোহৰলৈ আহিছে ন ন তথ্য। শ্বাহ আলমে ২০১৯ চনত ১১মাহৰ চুক্তিৰে গুৱাহাটীৰ পাঞ্জাবাৰীত এটা ঘৰ ভাৰালৈ লৈ এক্সেল একাডেমি নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানখন চলাই আছিল। চুক্তি শেষ হোৱাৰ পাছতো ঘৰ খালী কৰি নিদিয়াৰ লগতে ঘৰৰ মালিকক ভয় ভাবুকি প্ৰদান কৰি আহিছিল শ্বাহ আলম নামৰ এই ডকাইতটোৱে ।