বহু মহিলাৰে যৌন সম্পর্ক পলাতক অমৃতপাল সিঙৰ

0 min read

পলাতক খালিস্তানপন্থী নেতা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিংৰ ব্যক্তিগত জীৱনক লৈ ন ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি একাধিক মহিলাৰ সৈতে সম্পর্ক আছিল অমৃতপালৰ৷ বিবাহিত মহিলাসকলৰ সৈতে পৰকীয়া সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্রতো আপত্তি নাছিল পলাতক খালিস্তানপন্থী নেতাৰ৷ বহু মহিলাক যৌন সম্পর্কৰ প্রস্তাৱো দিছিল অমৃতপালে৷

মহিলাসকলৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ নিজৰ ইনষ্টাগ্রাম একাউণ্ট ব্যৱহাৰ কৰিছিল খালিস্তানপন্থী নেতাজনে৷ কিন্তু শাৰীৰিক সম্পর্কক গুৰুত্ব দিয়া অমৃতপালৰ কোনোদিনে প্রেমৰ সম্পর্কত বিশ্বাস নাছিল৷ শেহতীয়াকৈ অমৃতপালক লৈ এই চাঞ্চল্যকৰ তথ্য প্রকাশ পোৱাৰ লগে লগে বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷ ইফালে খালিস্তানী নেতা অমৃতপালৰ দেহৰক্ষী তেজেন্দ্র সিং ওৰফে গোর্খা বাবাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ গোর্খা বাবা অমৃতপালৰ অতি ঘনিষ্ঠ আছিল বুলি আৰক্ষীয়ে দাবী কৰিছে৷

You May Also Like

More From Author