এপ্ৰিল মাহ সোমোৱাৰ লগে লগে ক্ৰমাৎ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰিছে৷ ফলত বাঢ়িছে গৰম৷ এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে সমস্যা হ’ব পাৰে৷ কিন্তু প্ৰশ্ন হয়, অতিপাত গৰমত এজন লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত? প্ৰখ্যাত পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে,¸ পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ
Month: April 2023
ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পঞ্জাৱ আৰক্ষীয়ে বন্দী কৰি ৰখাকলৈ এইবাৰ হুংকাৰ দিছে খালিস্তানী বিদ্ৰোহীয়ে৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙক বন্দী কৰি ৰাখিলেও কাৰাগাৰৰ চৌহদতে ‘খালিস্তান জিন্দাবাদ’ শ্ল’গান দিয়াৰ ভাবুকি প্ৰদান কৰিছে শিখ ফৰ জাষ্টিচৰ নেতা গুৰপতৱান্ত সিং পান্নুৱে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা অডিঅ’ বাৰ্তাত বিদেশত
লণ্ডনৰ ইলফ’ৰ্ডত প্ৰবাসী অসমীয়াসকলে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে ৰঙালী বিহু। বিতিকা শইকীয়া আৰু গীতা কক্সে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়াসকলে। বিহুৰ বতৰত সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰে। সমান্তৰালভাৱে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে শিল্পীসকলে। উল্লেখ্য যে বিহুৰ অনুষ্ঠানৰ লগতে
হোজাই মহকুমাৰ অন্তৰ্গত ঔষধৰ দোকানসমূহত H&X ড্ৰাগছ বিক্ৰীৰ ফলত সৃষ্টি হোৱা অভাবনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত অতিৰিক্ত জিলা দণ্ডাধীশ তথা ভাৰপ্ৰাপ্ত হোজাই মহকুমাৰ মহকুমাধিপতি লাচিত কুমাৰ দাসে ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আইনৰ ১৩৩ ধাৰাৰ অধীনত জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা৷ নিৰ্দেশনা অনুসৰি সকলো ঔষধৰ দোকানৰ কৰ্তৃপক্ষই দোকানৰ সন্মুখত চি চি টিভি সংযোগ কৰিব লাগিব। এই নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই নিৰ্দেশ যোৱা ১৮এপ্ৰিলৰ পৰা তৎকালীনভাবে
কামৰূপ জিলাৰ চাংসাৰিৰ ৰাজপথত আজি সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰি সেনা চাউনিৰ সমীপত এখন যাত্ৰীবাহী বাছ পৰাত কমেও দহজনকৈ যাত্ৰী কম বেছি পৰিমানে আহত হয়। ইয়াৰে চাৰিজনৰ জখম গুৰুতৰ হোৱাত তেওলোকক ততাতয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে তেওলোকৰ নাম ঠিকনা এই পৰ্যন্ত