স্মৃতি শক্তি বৃদ্ধিৰ বাবে এই পাঁচবিধ খাদ্য খাওক..

1 min read

আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো এটা সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতি বিভ্ৰাটৰ ফলত দৈনন্দিন জীৱনত অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ নিত্য-নৈমিত্তিক কাম-কাজত ই সাংঘাতিক বাধাৰ সৃষ্টি কৰে৷ অতি ব্যস্ততাপূৰ্ণ জীৱনত স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত তলত উল্লেখ কৰা পুষ্টিগুণসমৃদ্ধ ফলকেইটা অন্তৰ্ভুক্ত কৰিলে যথেষ্ট ভাল ফল পাব পাৰি৷

ডাৰ্ক চকলেটঃ মানসিক চাপ হ্ৰাস কৰা, অৱসাদ দূৰ কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত ডাৰ্ক চকলেটে বিশেষভাৱে কাম কৰে৷ নিয়মীয়াকৈ এটুকুৰা ডাৰ্ক চকলেট খোৱাটো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ খাদ্য বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে চকলেটে বাৰ্ধক্যক বাধা দিয়াত বিশেষভাৱে সহায় কৰে৷

কোমোৰাৰ বীজঃ কোমোৰাৰ বীজত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন থাকে৷ কোমোৰাৰ বীজ শুকান অৱস্থাত বা তৰকাৰীত দি খালে যথেষ্ট ভাল ফল পোৱা যায়৷ কোমোৰাৰ বীজ খাদ্যৰ তালিকাত ৰাখিলে মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰি৷

ব্লু-বেৰিঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্লু-বেৰিৰ দৰে দ্বিতীয়বিধ ফল নাই বুলিলেও বঢ়াই কোৱা নহয়৷ এই ফলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এণ্টি অক্সিডেণ্ট থাকে৷ ব্লু-বেৰি নিয়মীয়াকৈ খালে মগজু সবল হৈ থকাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত যথেষ্ট সহায় কৰে৷

আখৰোট্‌ঃ স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ শুকান ফল অত্যন্ত উপকাৰী৷ বিশেষকৈ আখৰোট স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ এইকেইবিধ ফল গ্ৰহণ কৰিলে যথেষ্ট সুফল পাব পাৰি৷

কফিঃ সাধাৰণতে মানুহে ভাবে যে সঘনাই কফি খোৱাটো বদ অভ্যাস৷ স্মৃতি শক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ কফি খোৱাৰ অভ্যাস কৰিব পাৰে৷ কফিত থকা কেফাইনে শৰীৰত বিৰূপ প্ৰভাৱো পেলায় যদিও কফিত আছে প্ৰচুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা৷

You May Also Like

More From Author