নাজিৰা মেকিপুৰ লিগিৰীপুখুৰী সংযোগী ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মটৰ চাইকেল আৰোহী মনোৰঞ্জন মৰাণ

1 min read

 

টেইলাৰ আৰু মটৰ চাইকেল আৰোহী মাজত মুখামুখি সংঘৰ্ষ, টেইলাৰ চালক পলাতক

শিৱসাগৰৰ নাজিৰা মেকিপুৰ লিগিৰীপুখুৰী সংযোগী চাহ বাগিছা মাজৰ শূণ্য ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা | মেকিপুৰ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত টেইলাৰ AS 01 JC 5077 আৰু চুপাৰ স্পেণ্ডাৰ AS 04 W 6241ৰ মাজত মুখামুখি সংঘৰ্ষ হয় | থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী মনোৰঞ্জন মৰাণ | স্থানীয় ৰাইজৰ তৎপৰতাত এম্বুলেঞ্চ জৰিয়তে লিগিৰীপুখুৰীস্থিত অসামৰিক চিকিৎসালয় লৈ তেওঁক নিয়া হয় | মনোৰঞ্জন মৰাণ এগৰাকী শিক্ষক, ঘৰ গেলেকী মৰাণ গাঁৱত বুলি জানিব পৰা গৈছে | পৰৱৰ্তী ক্ষণত নাজিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টেইলাৰ সহ মটৰ চাইকেল খন জব্দ কৰে | আনহাতে দুৰ্ঘটনাগ্ৰস্থ মনোৰঞ্জন মৰাণক চিকিৎসকে মৃত ঘোষণা কৰিছে | টেইলাৰ চালক বৰ্তমান পলাতক | যদিও টেইলাৰ চালকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে |

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

You May Also Like

More From Author