চৰকাৰৰ মাতৃ ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়াত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

0 min read

ৰঙিয়াত আছুৰ বিশাল সমদল । অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত ৰঙিয়াত বৃহস্পতিবাৰে কামৰূপ জিলা ছাত্র সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰে । ৰঙিয়াৰ আছু কাৰ্যালয়ৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ৰঙিয়া নগৰৰ মাজমজিয়াৰে পৰিভ্ৰমণ কৰে । আছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰকাশ দাস আৰু উপ সভাপতি ধৰ্মেশ্বৰ দাস , জিলা আছুৰ উপদেষ্টা হেমন্ত দাসৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলে ৰঙিয়াৰ ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায় , মুখ‍্যমন্ত্ৰী মুৰ্দাবাদ , শিক্ষামন্ত্ৰী নিপাত যাওক , মাধ্যম সলনি কৰা নচলিব , মাতৃভাষাৰ অপমান সহ‍্য কৰা নহব আদি শ্লোগানেৰে ৰাজপথত কপাই তোলে । প্ৰতিবাদকাৰী সকলে চৰকাৰৰ এই সিদ্ধান্ত প্ৰত‍্যাহাৰ কৰিবলৈ দাবী জনায় ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

You May Also Like

More From Author