কলডিলৰ আছে বহু লাভালাভ, পিছে জানো আহক লাভালাভবোৰ কি কি?

1 min read

কলডিল সকলো জনগোষ্ঠীৰে অতি প্ৰিয় পাচলি। কলডিলৰ ভিতৰত ভীমকলৰ ডিল অতি সুস্বাদু। পাহাৰীয়া কলৰ ডিলবোৰ সাধাৰণতে তিতা হোৱা হেতুকে মানুহে ভীমকলৰ ডিল পাচলি হিচাপে গ্ৰহণত অগ্ৰাধিকাৰ দিয়ে। সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা বাবে এই সময়ত ইয়াক খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে। কলডিলত প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট থাকে। কিন্তু জানেনে কলডিলৰ এন বহু উপকাৰিতা আছে যিবোৰ হয়তো আপুনি কেতিয়াও ভবায়ে নায়।

আহক জানো কলডিলৰ (Banana Flower) লাভালাভবোৰ কি কি?-

১. কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।

২. কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।

৩. কলডিলত লৌহ পদাৰ্থৰ ভাল উৎস হোৱাত গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য।

৪. কলডিলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকাৰ বাবে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।

৫. ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়। ইয়াৰ বিপৰীতে কিন্তু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে ইয়াক অপকাৰী বুলি কোৱা হয়।

৬. পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে সুফল পোৱা যায়।

৭. কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।

৮. ফ্ৰী ৰেডিকেলক নিষ্ক্ৰিয় কৰে। ফ্ৰী ৰেডিকেল নামৰ অপকাৰী বিপজ্জনক ৰাসায়নিক তত্ত্ব আমাৰ শৰীৰৰ ভিতৰত নিৰ্মাণ হয়। ইয়াত অৰিহনা যোগায় পাৰিপাৰ্শ্বিকতাত থকা দূষিত ৰাসায়নিক পদাৰ্থই। যেনে, চিগাৰেট আৰু আলকাতৰাৰ ধোঁৱা, চিমেণ্টৰ ধূলি, পানীৰ আৰ্ছেনিক, এক্স-ৰেৰ বিকিৰণ, কল-কাৰখানাৰ প্ৰদূষণ আদিয়ে। ফ্ৰী ৰেডিকেলৰ কু প্ৰভাৱত মানুহ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে।

৯. কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ সৈতে যুঁজ দিয়ে। নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে।

১০. কলডিলে আভোক আৰু বদহজমীও দূৰ কৰে।

১১. কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দুঃচিন্তা আঁতৰোৱাত সহায় কৰে।

১২. কলডিলে নানাবিধ স্নায়ৱিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে। ডিপ্ৰেছন আঁতৰাই মুড ভালে ৰখাত কলডিল সহায়ক।

১৩. কলডিলে শৰীৰৰ প্ৰজেষ্টৰৰ হৰম’নৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়া অতিস্ৰাৱ ৰোধ হয়। এইক্ষেত্ৰত দৈ আৰু হালধি কলডিলৰ সৈতে একেলগে খালে বেছি উপযোগী বুলি কোৱা হৈছে।

১৪. কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰে।

১৫. জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয়।

১৬. কলডিলত ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।

১৭. ছালৰ কমনীয়তা বৰ্তাই ৰাখে। কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।

১৮. এনিমিয়া দূৰ কৰাত সহায়ক। লৌহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিম’গ্ল’বিনৰ উন্নতি হয়।

১৯. কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে।

২০. কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।

২১. নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে।

২২. কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘা সোনকালে শুকাই যায়।

২৩. লৌহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিম’গ্ল’বিনৰ উন্নতি হয়।

২৪. কলডিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে, গতিকে মধুমেহ ৰোগী সকলৰ বাবে ই উত্তম খাদ্য।

২৫. কলডিলত প্ৰচুৰ পৰিমাণে আয়ৰন থকা বাবে ই গৰ্ভৱতী মহিলা আৰু এনিমিয়া ৰোগীৰ বাবে উত্তম আহাৰ ।

২৬. পেটত এচিডিটিৰ সমস্যা থাকিলে কলডিল খাওক। ইয়াৰ ফলত এচিডিটিৰ সমস্যাৰ পৰা শীঘ্ৰে মুক্তি পাব। লগতে পেট ফুলি গ’লেও কলডিল খোৱাটো উপকাৰী।

 

You May Also Like

More From Author