নিজ সন্তানৰ বয়সৰ নায়িকাৰ সৈতে বলীউডৰ হিৰোৰ ৰোমাঞ্চ নতুন কথা নহয়৷ বন্ধুৰ কন্যাও নায়িকা হৈছিল ছলমানখানৰ৷ অৱশ্যে সমালোচনাৰ চিকাৰ নহ’ল ভাইজান৷ এইবাৰ ২৮ বছৰে সৰু অভিনীত কৌৰক দেখা যাব অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীৰ নায়িকা হিচাপে৷ ছবিৰ নাম ‘চেৰু ৱেডছ টিকু’৷ ছ’চিয়েল মিডিয়াৰ ছেনছেশ্যন অভিনীতে এই ছবিৰ যোগেদিয়েই ৰূপালী পৰ্দাৰ যাত্ৰা আৰম্ভ কৰিছে৷ অভিনেত্ৰী কংগনা ৰাণাৱট প্ৰযোজিত হিন্দী ছবি ‘ছেৰু ৱেডছ টিকু’ৰ টেইলাৰ বুধবাৰে মুক্তি পায়৷ টেইলাৰ মুকলিৰ পাছতে নেট নাগৰিকৰ মাজত ব্যাপক চৰ্চিত হৈছে প্ৰসংগটো৷ ছবিখনৰ এটা দৃশ্যত কন্যা বয়সৰ অভিনীত কৌৰক লিপ কিছ কৰা দেখা গৈছে নাৱাজউদ্দিন ছিদ্দিকীয়ে৷ সেই লৈ সম্প্ৰতি বিতৰ্কৰ সূত্ৰপাত হৈছে৷ ভাৰতীয় সংস্কৃতিৰ পক্ষে সদায় মাত মাৰি অহা বলীউড কুইনখ্যাত কংগনা ৰাণাৱট প্ৰযোজিত ছবিত এনে দৃশ্য দেখি চমকি উঠিছে নেট নাগৰিক৷ নেটিজেনে নাৰীক পণ্য সজোৱাত কংগনাই হাত উজান দিয়া বুলি মন্তব্য কৰিছে৷ নেটিজেনে লিখিছে– কংগনাৰ ছবিত এনে আপত্তিজনক দৃশ্য, ভাবিবই নোৱাৰি৷ য’ত অভিনীতিৰ বয়স মাত্ৰ ২১, আনহাতে ছিদ্দিকীৰ বয়স ৪৯ বছৰ৷ ২৩ জুনত আমাজন প্ৰাইমত ‘ছেৰু ৱেডছ টিকু’ মুক্তি পাব৷
Tiku Weds Sheru: কন্যা বয়সৰ অভিনেত্ৰীক চুম্বন দি চৰ্চাত নাৱাজ…
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/06/nawazuddin-siddiqui-avneet-kaur-lip-kiss-tiku-weds-sheru-1.jpg)
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025